ETV Bharat / state

Mob lynching in Morigaon: এজনো দোষী সাৰি যাব নোৱাৰিব; IGP প্ৰশান্ত কুমাৰ ভূঞা - মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস

আঁহতগুৰিত সন্দেহযুক্ত গৰু চোৰক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজৰ গণপ্ৰহাৰত এজন লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসাধীন কৰা হয় ৷ এই ঘটনাই এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

IGP PK Bhuyan reaction
এজনো দোষী সাৰি যাব নোৱাৰিব
author img

By

Published : Jul 25, 2023, 4:24 PM IST

IGP প্ৰশান্ত কুমাৰ ভূঞা

মৰিগাঁও, 25 জুলাই : মৰিগাঁও জিলাৰ আঁহতগুৰিত সন্দেহযুক্ত গৰু চোৰক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে উত্তেজিত ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল এজন লোকৰ ৷ অন্য দুজন লোকক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ এই ঘটনাই এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে মৰিগাঁও জিলাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচতে আৰক্ষী আৰু জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল ৷ এই সংঘৰ্ষত আৰক্ষীক লাঠি আৰু শিলগুটিৰে আক্ৰমণ কৰিছিল উত্তেজিত জনতাই ৷ উত্তেজিত জনতাৰ আক্ৰমণত কেইবাগৰাকী আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ দুজনৰ অৱস্থা বৰ্তমান সংকটজনক । জনতাৰ প্ৰহাৰত আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷

ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যোৱা কিছুদিন ধৰি আঁহতগুৰি অঞ্চলত সঘনাই গৰু চুৰি হৈ থকাৰ পৰিপ্ৰেক্ষিতে উত্তেজিত হৈছে স্থানীয় গো-পালকসকল ৷ ইতিমধ্যে যোৱা সপ্তাহত ধৰমতুল আৰক্ষীয়ে এখন বাহন আৰু কেইবাজনো গৰু চোৰক গ্ৰেপ্তাৰ কৰিছিল ৷ আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আঁহতগুৰিৰ কলিয়া দাস নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা গৰু চোৰৰ কৰোঁতেই হাতে লোটে ধৰা পৰিছিল 6 টাকৈ চোৰ ৷ ইয়াৰে 3 টা চোৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে যদিও তিনিটা চোৰক আটক কৰে স্থানীয় ৰাইজে ৷ গৰু চোৰৰ সন্দেহত তিনিজকে উত্তম-মধ্যম শোধাই স্থানীয় ৰাইজে ৷

বৰ্তমান ঘটনাস্থলীত অসম আৰক্ষীৰ IGP প্ৰশান্ত কুমাৰ ভূঞাকে ধৰি, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত বুজ লৈ দুখনকে এজাহাৰ দাখিল কৰে । বাতৰি যুগুত কৰাৰ সময়লৈ মৃত ব্যক্তিজন আঁহতগুৰিৰৰ সমীপৰ তথা ধৰমতুল থানাৰ অন্তৰ্গত বৰবৰীৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ IGP প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমক জনায় যে, গৰু চোৰ বুলি উত্তেজিত জনতাই প্ৰহাৰ কৰা লোক কেইজনে নিশা কাবাডী খেল চাই ঘৰ অভিমুখে গৈ আছিল ৷ তেনে সময়তে উক্ত অঞ্চলত কলিয়া দাসৰ ঘৰৰ পৰা গৰু চুৰি হোৱাৰ বাবে উত্তেজিত হৈ আছিল জনতা ৷ উত্তেজিত জনতাই চোৰ বুলি ভাবি লোককেইজনক প্ৰহাৰ কৰে ৷ এই ঘটনা সংঘটিত কৰা দোষী এজনো সাৰি নাযাব ৷ যিখিনি লোকে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকক আমি আটাইতকৈ কঠোৰ শাস্তি বিহিম ৷ এই ঘটনা সন্দৰ্ভত এতিয়ালৈ আৰক্ষীৰ ওচৰত দুখন এজাহাৰ দাখিল কৰা হৈছে ৷ আগন্তুক সময়ত আৰু গোচৰ ৰুজু কৰা হ’ব ৷ এজন দোষীকো বাচি যাবলৈ দিয়া নহ’ব ৷

লগতে পঢ়ক: Mob lynching in Morigaon: গণ প্ৰহাৰত ছাদ্দাম হুছেইনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.