ETV Bharat / state

Constituency delimitation: মৰিগাঁও সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ

author img

By

Published : Jun 22, 2023, 7:22 PM IST

60 শতাংশ জনজাতি ভোটাৰ থকা তথা জনজাতি বসতি প্ৰধান মৰিগাঁও বিধানসভা সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰীক আহবান বিধায়ক ৰমাকান্ত দেউৰীৰ ৷

Assam constituency delimitation
MLA Ramakanta Deuri reacts
মনত দুখ মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ

মৰিগাঁও, 22 জুন: ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচৰে পৰা মনত দুখ মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ 60 শতাংশ জনজাতীয় ভোটাৰ থকা মৰিগাঁও বিধানসভা সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণ নকৰাত অসন্তুষ্ট বিধায়কগৰাকী ৷

বৃহস্পতিবাৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ গঠনৰ খচৰা প্ৰকাশ কৰাৰ‌ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, এয়া খচৰা হে । ইয়াত অনেক আসোঁৱাহ থাকিব পাৰে । লেখা বা পঢ়া সময়তো ভুল হ'ব পাৰে । সেয়েহে নিৰ্বাচন আয়োগে অহা 11 জুলাইলৈ এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । তাত জনজাতীয় দল-সংগঠন সমূহে আপত্তি দাখিল কৰিব । সেয়েহে অহা 11 জুলাইলৈকে ৰাইজে ধৈৰ্য ধৰিব লাগিব বুলি কয় বিধায়ক দেউৰীয়ে ।

ইফালে সাংবাদিকৰে হোৱা কথোপকথনত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, ৰাজ্যত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা আসন পূৰ্বতকৈ বৃদ্ধি হৈছে । অৱশ্য়ে 60% জনজাতি ভোটাৰ থকা মৰিগাঁও সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ নকৰাত তেওঁ অসন্তুষ্ট । আনকি কোনো কোনো জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিত কেৱল 20% হে জনজাতি লোক আছে, কিন্তু তাকেই জনজাতিৰ বাবে সংৰক্ষণ কৰিছে । সেই দিশৰ পৰা মৰিগাঁও বিধানসভা সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণ কৰিব নোৱাৰাৰ কোনো যুক্তি নাই ।

লগতে পঢ়ক: Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

তেওঁ লগতে কয় যে, কোনোবা সমষ্টিত ইফাল সিফাল কৰি হ’লেও ভাৰতীয় নিৰ্বাচন আয়োগে মৰিগাঁও বিধানসভা সমষ্টিটোক জনজাতিৰ বাবে সংৰক্ষণ কৰা উচিত । ইয়াৰ বাবে শাসকীয় দলৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।

মন কৰিবলগীয়া যে, মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সমষ্টি সংৰক্ষণ দাবী সমিতি, জনজাতি সংগঠনৰ নেতৃত্ব তথা তিৱা সংগ্ৰামী নেতাসকলৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰৰ স্থিতিৰ সন্দৰ্ভত বৈঠকত মিলিত হোৱা বুলি মত প্ৰকাশ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰসংগত মত প্ৰকাশ কৰি দেউৰীয়ে কয় যে, মৰিগাঁও জিলাবাসীৰ হৈ যদি এনেদৰে জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবী কৰে তেতিয়া হ’লে ভাল কথা ৷ কেবিনেটে এই বিষয়ত মন্তব্য প্ৰকাশ কৰিব । মুখ্যমন্ত্ৰীও যাতে বিপদত নপৰে তাৰ বাবে কেবিনেটত এটা সুস্থ প্ৰস্তাৱৰ আশা কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.