ETV Bharat / state

মৰিগাঁও জিলা উপায়ুক্ত কেৱল কথাৰ মানুহঃ বিধায়ক

author img

By

Published : Jul 15, 2020, 9:37 PM IST

ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে মৰিগাঁও জিলা উপায়ুক্ত আৰু বিধায়ক ৰমাকান্ত দেউৰী শীতল যুদ্ধত অৱতীৰ্ণ হোৱা দেখা পোৱা গৈছে ৷ আনকি, উপায়ুক্ত গৰাকীক অনতিপলমে বদলি কৰাৰ বাবে চিন্তা-চৰ্চা চলোৱাৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা বুলিও সাংবাদিকৰ আগত বিধায়ক গৰাকীয়ে জানিব দিয়ে ৷

MLA Ramakanta Deori visits flood affected area
মৰিগাঁও জিলা উপায়ুক্ত কেবল কথাৰ মানুহঃ বিধায়ক

মৰিগাঁও, 15 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে মৰিগাঁও জিলা উপায়ুক্ত আৰু বিধায়ক ৰমাকান্ত দেউৰী শীতল যুদ্ধত অৱতীৰ্ণ হোৱা দেখা পোৱা গৈছে ৷ মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বাবেই জিলাখনত কোনো ধৰণৰ উন্নয়ন হোৱা নাই ৷ বুধবাৰে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত এই মন্তব্য প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে ৷

আনহাতে, বিধায়ক ৰমাকান্ত দেউৰীৰ মতে, জিলা উপায়ুক্ত ঋতুৰাজ বৰা কেবল কথাৰ মানুহ ৷ সমষ্টিৰ উন্নয়ন তেওঁ প্ৰত্যক্ষ নকৰা বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ লগতে, এগৰাকী জন প্ৰতিনিধি হিচাপে বিধায়ক গৰাকীয়ে উপায়ুক্ত ঋতুৰাজ বৰাৰ সৈতে কাম কৰি ভাল পোৱা নাই বুলিও উল্লেখ কৰিলে ৷ আনকি, উপায়ুক্ত গৰাকীক অনতিপলমে বদলি কৰাৰ বাবে চিন্তা-চৰ্চা চলোৱাৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা বুলিও সাংবাদিকৰ আগত বিধায়ক গৰাকীয়ে জানিব দিয়ে ৷

ইফালে, জিলাখনৰ নিম্ন বৰ্গৰ কৰ্মচাৰী সকলেও বিধায়ক গৰাকীক অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰিলে ৷

লগতে পঢ়ক : অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.