ETV Bharat / state

খিলঞ্জীয়াৰ সংখ্যা বিচাৰ কৰি চৰকাৰে ডাঙৰ ভুল কৰি আছেঃ আমিনুল ইছলাম

author img

By

Published : Feb 12, 2020, 8:52 PM IST

মৈৰাবাৰীত চৰকাৰৰ বিভাজনমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত এ আই ইউ ডি এফৰ ৷ চৰকাৰে মুষ্টিমেয় মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ বৃহত্তৰ মুছলমান লোকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰিব খোজাৰ বিৰুদ্ধে গৰজি উঠিছে এ আই ইউ ডি এফ দলটো ৷

MLA AMINUL ISLAM REACTION
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

মৰিগাঁও,12 ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ মৈৰাবাৰীত চৰকাৰৰ বিভাজনমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত এ আই ইউ ডি এফৰ ৷ চৰকাৰে মুষ্টিমেয় মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ বৃহত্তৰ মুছলমান লোকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰিব খোজাৰ বিৰুদ্ধে গৰজি উঠিছে এ আই ইউ ডি এফ দলটো ৷

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

মৈৰাবাৰীত বুধবাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত প্ৰতিবাদত অংশ লয় কেবাশতাধিক লোকে । বিধায়ক আমিনুলে ৰাইজৰ আগত ক্ষুৰধাৰ সমালোচনা কৰে চৰকাৰক । লগতে সমগ্ৰ অসমজুৰি প্ৰতিবাদ বিয়পোৱাৰ হুংকাৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ খিলঞ্জীয়াৰ সংখ্যা বিচাৰ কৰি চৰকাৰে ডাঙৰ ভুল কৰি আছে বুলি ধিঙৰ বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে । চৰকাৰে ইতিহাস জনাতো প্ৰয়োজন বুলি লগতে উল্লেখ কৰে ৷

লগতে চাওকঃকৰিমগঞ্জত 164 জন হিতাধিকাৰীয়েহে লাভ কৰিছে অটল অমৃত যোজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.