মৰিগাঁও,13 মে': এন আৰ চিৰ নামত ৰাজ্যত চলিছে ষড়যন্ত্ৰ ৷ এই ষড়যন্ত্ৰৰ আঁৰত আছে একাংশ দল-সংগঠন ৷ উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া তাৰিখৰ পাচতো এন আৰ চিৰ আপত্তিৰ আবেদন গ্ৰহণ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷ সোমবাৰে লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ ৷
ৰাজ্যজুৰি এন আৰ চিৰ আপত্তিক লৈ আমছুৱে প্ৰতিবাদ কৰি থকাৰ সময়তে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰণ,ভুৱা আপত্তিৰে এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবীত লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এ আই ইউ ডি এফ দলে। লাহৰীঘাট বজাৰৰ পৰা সমদল কৰি লাহৰীঘাট ৰাজহ চক্ৰলৈ উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷