মৰিগাঁও, 6 জানুৱাৰী : জাগীৰোড সমষ্টিৰ মায়ং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত শনিবাৰে উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) কেইবাগৰাকীও হিতাধিকাৰীক সাক্ষাৎ কৰাৰ লগতে অমৃত সৰোবৰ আঁচনি পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তদুপৰি আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰ সম্পূৰ্ণ কৰিলে কেন্দ্ৰীয় চৰকাৰে পুনৰ অসমৰ বাবে একলাখ বা দুইলাখ ঘৰ আৱন্টন দিয়াৰ সম্ভাৱনাৰ কথাও অৱগত কৰে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে ৷ ইফালে ভূৰবন্ধা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত উন্নয়ন খণ্ডটোৰ সকলো চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী দাসে ৷ ইয়াত তেওঁ আগন্তুক 6 ফেব্ৰুৱাৰী লৈ বাকী থকা সকলো প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ সম্পূৰ্ণ কৰাৰ বাবে সময় সীমা বান্ধি দিয়ে পঞ্চায়ত সচিব সকলক ৷
ইফালে শুকুৰবাৰে নগাঁৱৰ জিলা আয়ুক্তই সাংবাদিকক কৰা নিগ্ৰহৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদ কৰ্মী সকল হ’ল সমাজৰ পথ প্ৰৰ্দশক ৷ তেওঁলোকে আমাৰ ভুলবোৰ আঙুলিয়াই দিয়াটো দ্বায়িত্ব ৷ কোনো ক্ষুব্ধ হোৱা উচিত নহয় ৷ আনহাতে বিভাগীয় মন্ত্ৰী গৰাকীৰ দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলা মায়ং আৰু ভূৰবন্ধা উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ বুজ লোৱাৰ সন্দৰ্ভত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই মন্ত্ৰী গৰাকীয়ে বান্ধি দিয়া সময় মতে সকলো ঘৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি সদৰী কৰে ৷
লগতে পঢ়ক : কংগ্ৰেছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলত ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজিব : মহিমা সিং