ETV Bharat / state

মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিলে মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল

author img

By

Published : Sep 27, 2020, 8:43 AM IST

শনিবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হয়গৈ মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চলত ৷ মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা,মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতা আৰু মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিপ্তী মৰাণো মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকি বান প্লাবিত অঞ্চল সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় ৷

Minister  Pijush Hazarika Visited the flood affected areas of Marigaon
মৰিগাঁৱৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

মৰিগাঁও,27ছেপ্তেম্বৰঃ ইটিভি ভাৰতকে ধৰি বিভিন্ন সংবাদ মাধ্যমত দক্ষিণ মৰিগাঁৱৰ বানাক্ৰান্ত অঞ্চলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শনিবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হয়গৈ জিলাখনৰ বান বিধ্বস্ত অঞ্চল সমূহত ৷ মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই,মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতা আৰু মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিপ্তী মৰাণকে ধৰি উচ্চ পদস্থ উপস্থিত থাকে মন্ত্ৰীiৰাকীৰ এই পৰিভ্ৰমণ কালত ৷ মন্ত্ৰী হাজৰিকাই বান প্লাবিত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় ৷ তদুপৰি, বানৰ কবলত পৰা লোক সকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি সাহাৰ্য সামগ্ৰী যোগানৰো কৰিলে ব্যৱস্থা ।

Minister  Pijush Hazarika Visited the flood affected areas of Marigaon
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

উল্লেখযোগ্য যে, বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত মৰিগাঁও ৰাজহ চক্ৰৰ বৰখাল, পলাহগুৰী, কিলিং বাগিছা আৰু মায়ং ৰাজহ চক্ৰৰ গোভা গাঁও পঞ্চায়তৰ অধীনত ফাকলি, কমাৰকুছি, গায়নলিয়া, গৰাংকুছি, কুঠৰি বাগিছা, সোনাইকুছি, বামুনগাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷

লগতে পঢ়কঃঅৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.