মৰিগাঁও, 29 জুলাই : “ভূপেন বৰা পলোৱা নাই ৷ তেওঁ পলৰীয়া ব্যক্তি নহয় ৷ কিন্তু তেওঁ গৰ্হিত কাম কৰিছে ৷ তেওঁক ধিক্কাৰ দিছো ৷ শ্ৰীকৃষ্ণ ভগৱানক এনেকৈ কোৱাৰ বাবে অসমৰ ৰাইজে ভূপেন বৰাক কেতিয়াও ক্ষমা নকৰে । ভূপেন বৰাৰ লেখীয়া মানুহেহে এনেকুৱা কথা ক’ব পাৰে আমিতো সেই কথা ভাবিবও নোৱাৰো । মই পুনৰ ভূপেন বৰাক ধিক্কাৰ দিছো ৷” শুক্ৰবাৰে এই তীৰ্যক মন্তব্য কৰে জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ৷
উল্লেখ্য যে, শুক্ৰবাৰে মৰিগাঁও জিলা জাগীৰোড সমষ্টিৰ বহা বৰজাৰীৰ শ্ৰীগনেশ প্ৰাথমিক বিদ্যালয় প্ৰাংগণ আৰু বহা বৰপাকৰ দুৰ্গা পূজা প্ৰাংগণত দুটাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে । স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ তথ্য, জনসংযোগ বিভাগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বহাত পৰ্দাপন কৰাৰ পাচতে তেওঁক অঞ্চলবাসী ৰাইজে বিহুৱা, বিহুৱতী, গায়ন-বায়নৰ সমান্তৰালকৈ পুষ্প বৰ্ষণৰে উষ্ম আদৰণি জনায় ৷
![Pijush Hazarika criticized Bhupen Bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/as-mrg-28jly-piyushvsbhupen-805-img-vis-bt-as10005_28072023205859_2807f_1690558139_924.jpg)
শুক্ৰবাৰে এই আদৰ্শ অংগনাবাড়ী কেন্দ্ৰৰ দুৱাৰ মুকলি অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা, সমাজ কল্যাণ বিষয়া, মায়ং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষৰ উপৰিও মায়ং মণ্ডল বিজেপিৰ কেইবাগৰাকী দলীয় নেতা, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলো উপস্থিত থাকে ।
ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয়, ‘‘ভাৰতীয় বিজেপি চৰকাৰে মহিলাক সদায় অগ্ৰাধিকাৰ দি আহিছে । ইয়াৰ উদাহৰণ আজি সভাখনেই । ইয়াত উপস্থিত থকা জিলা বিষয়াগৰাকী মহিলা, প্ৰকল্প বিষয়াগৰাকী মহিলা, জিলা পৰিষদৰ সদস্যাগৰাকী মহিলা, আঞ্চলিক পঞ্চায়ত সভানেত্ৰীগৰাকী মহিলা আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীও মহিলা । আজি শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাংগণত আদৰ্শ অংগনাবাড়ী কেন্দ্ৰৰ আধাৰশিলা কৰিবলৈ পাই মই অতিশয় সুখী’’ ।
লগতে পঢ়ক : Assam Love Jihad Controversy: এজাহাৰৰ উজান উঠিছে; গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা