মৰিগাঁও, ২২ ফেব্ৰুৱাৰী : দেওবাৰে নিশা মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । নিশা প্রায় ১২.৫০ মান বজাত জিলাখনৰ দুৱনিত এই অগ্নিকাণ্ড সংঘটিত হয় । দুৱনিৰ নিতুল মেধি নামৰ লোকজনৰ গেলামাল দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।
![নিতুল মেধিৰ ব্যৱসায়ি প্ৰতিষ্ঠানত এই ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-21st-fb-rtu-805-vis-img-bt-as10005_22022021112430_2202f_1613973270_473.jpg)
প্রায় লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় এই অগ্নিকাণ্ডত । কি কাৰণে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । ঘটনাতো সংঘটিত হোৱাৰ লগে-লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে অগ্নি নিৰ্বাপনত ব্যৰ্থ হয় ৷ যাৰ বাবে সকলো সামগ্ৰী জাহ যায় অগ্নিকাণ্ডত ।
ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে ।
লগতে পঢ়ক:বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !