ETV Bharat / state

River bank erosion: মৈৰাবাৰীত বৰলুইতৰ বিধ্বংসী খহনীয়া; সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে নৈপৰীয়াই - erosion of the river Brahmaputra

মৈৰাবাৰীৰ ভজাইখাইতিত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে গৰা ৷ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ ঘন্টাত প্ৰায় 10 পৰা 15 মিটাৰকৈ খহাইছে গৰা ৷

Massive Erosion in Moirabari
মৈৰাবাৰীত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ
author img

By

Published : Aug 7, 2023, 9:02 AM IST

মৈৰাবাৰীত বৰলুইতৰ বিধ্বংসী খহনীয়া

ধিং, 7 আগষ্ট: ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে মৈৰাবাৰীৰ একাংশ লোকক ৷ সুৰক্ষিত স্থান বিচাৰি ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে ৷ নিজ হাতেৰে ভাঙিব লগীয়া হৈছে নিজৰেই ঘৰ ৷ মুঠতে এক যুদ্ধকালীন পৰিস্থিতি ৷ এই পৰিস্থিতি সৃষ্টি হৈছে মৈৰাবাৰীৰ ভজাইখাইতিত ৷ উক্ত অঞ্চলটোত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে গৰা ৷ চকুৰ পলকতে নৈ বুকুত জাহ গৈছে ঘৰৰ ভেটি মাটি ৷ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

পুৱাৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত সেই স্থান এৰিবলৈ সাজু হৈছে সেই অঞ্চলটোৰ নৈপৰীয়া ৰাইজ ৷ কাৰণ যিকোনো সময়তে নৈ বুকুত জাহ যাব পাৰে ঘৰৰ ভেটি মাটি ৷ ঘন্টাত প্ৰায় 10 পৰা 15 মিটাৰকৈ খহাইছে গৰা ৷ ইফালে ভজাইখাইতিৰ মূল মথাউৰি খহাই নিয়াত যি কোনো মূহুৰ্তত বানপানীৰ সৃষ্টি হ’ব পাৰে ।

ইতিমধ্যে ভজাইখাইতি অঞ্চলৰ ৪০ টা পৰিয়ালৰ লোক গৃহহীন হৈছে খহনীয়াৰ ফলত । আনহাতে খহনীয়া প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ লোকে যুদ্ধকালীন তৎপৰতাৰে জিঅ’ বেগৰ কাম কৰিছে যদিও খহনীয়াৰ প্ৰকোপ কমা নাই । শ শ শ্ৰমিকে খহনীয়াৰ স্থলীত জিঅ’ বেগৰ ভিতৰত মাটি ভৰাই পেলাই আছে যদিও প্ৰতিৰোধ হোৱা নাই খহনীয়া ।

উল্লেখ্য যে, বিগত বৰ্ষত খহনীয়াই তচনচ কৰি পেলাইছিল মৌৱামাৰী বৰচাপৰি তাতিকটা লেৰোৱামুখ গাঁৱৰ মথাউৰি ৷ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত প্ৰায় চাৰিখন গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ লোক গৃহহীন হৈছিল ৷ বহু দুখীয়া পৰিয়ালৰ ঘৰ নৈ বুকুত জাহ যোৱাৰ পাচত খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ভজাইখাইতি মথাউৰিত জিঅ’ বেগৰ কাম ৰূপায়নৰ বাবে অনুমোদন দিছিল ৷

এই ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীষুয হাজৰীকাই খহনীয়া প্ৰতিৰোধৰ কাম বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰিব বুলি আশ্বাস দিছিল ৰাইজক ৷ ঠিকাদাৰক শীঘ্ৰে খহনীয়া প্ৰতিৰোধী কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু ঠিকাদাৰজনে মন্ত্ৰীৰ এনে নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই অতি লেহেমীয়া গতিত চলাই গৈছিল খহনীয়া প্ৰতিৰোধৰ কাম । ফলত পৰিনাম ভুগীছে এতিয়া ৰাইজে ৷ এই অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: Scam In Distribution Of PDS Rice : মৰিগাঁৱত হিতাধিকাৰীৰ পৰা সুলভ মূল্যৰ চাউল কৰ্তনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.