মৰিগাঁও,২৪ ফেব্ৰুৱাৰী:হাতে হাতে কলচী,ঘট লৈ বিয়ানাম আৰু মাংগলিক উৰুলিৰে মৰিগাঁৱৰ ৰাজপথত এক ব্যতিক্ৰমী শোভাযাত্ৰা । এযোৰ,দুযোৰ নহয় ৪০০ যোৰা দৰা-কইনাৰ এক দীঘলীয়া শোভাযাত্ৰা ।
উদুলি মুদুলি মৰিগাঁৱৰ পদুলি।মৰিগাঁৱত সম্পন্ন হ'ল মহাবিবাহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰা-কইনাৰ মহা মিলনক্ষেত্ৰত পৰিণত হ'ল মৰিগাঁও শংকৰ মাধৱ উচচ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ ।
বিভিন্ন বয়সৰ দৰা-কইনা । কাৰোবাৰ যদি এক-দুই বছৰ, আন কাৰোবাৰ আকৌ বিছ,ত্ৰিছ বছৰ হৈছে যুগ্মজীৱনৰ পাতনি মেলা। কিন্তু বিভিন্ন কাৰণত নিজ নিজ সমাজৰ ৰীতি-নীতি মতে , যাগযজ্ঞৰে সমাজ আৰু হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হ'ব পৰা নাছিল এইসকল দৰা-কইনা। সেয়ে স্বামী বিবেকানন্দ চেতনামঞ্চ,মৰিগাঁও জিলাৰ সহযোগত এই সমূহীয়া বিবাহ কাৰ্যত এনেদৰেই বিবাহ পাশত আৱদ্ধ হ'ল ৪০০যোৰা দৰা-কইনা ।