ETV Bharat / state

নাম প্ৰসংগৰে প্ৰতিবাদ - দিঘলিআটীৰ উন্মুক্ত ৰিং বান্ধে

চৰকাৰৰ বিৰুদ্ধে নাম প্ৰসংগৰে মৰিগাঁওবাসীয়ো সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ৷ খহনীয়াৰ কবলত সৰ্বহাৰা হৈ নাম প্ৰসংগৰে নেদেখাজনৰ ওচৰত শৰণাপন্ন মৰিগাঁওবাসী ৷ মৰিগাঁৱৰ ভূৰাগাঁৱত লাহৰীঘাট খহনীয়াৰ পৰা পৰিত্ৰান বিচাৰি অনুষ্ঠিত হ'ল সমূহীয়া নাম ৷

নাম প্ৰসংগৰে প্ৰতিবাদ
নাম প্ৰসংগৰে প্ৰতিবাদ
author img

By

Published : Sep 18, 2020, 9:00 PM IST

মৰিগাঁও, 18 চেপ্তেম্বৰ: কংগ্ৰেছ তথা বিজেপি দুয়োৰে ওপৰত আস্থা হেৰুৱাই এইবাৰ নেদেখাজনৰ শৰণাপন্ন হ'ল মৰিগাঁওবাসী ৰাইজ ৷ লাহৰীঘাট খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰত সমূহীয়া নাম-কীৰ্ত্তনৰ জড়িয়তে ভগৱানক প্ৰাৰ্থনা জনোৱাৰ লগতে চৰকাৰৰ বিৰুদ্ধে মৰিগাঁওবাসীয়ে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ভূৰাগাঁও আঞ্চলিক সমিটীৰ উদ্যোগত খহনীয়াগ্ৰস্ত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাম প্ৰসংগৰে প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে দীঘলিআটীৰ উন্মুক্ত ৰিং বান্ধেৰে পানী সোমোৱাৰ ফলত বহুকেইটা বানত অঞ্চলবাসী ককবকোৱাৰ পাছত এতিয়া আকৌ খহনীয়াৰ কালৰূপত তেওঁলোকে চকুৰে সৰিয়হ ফুল দেখিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ কংগ্ৰেছ বিজেপি কোনোৱেই এইসকল লোকৰ মৰ্মবেদনা বুজিবলৈ চেষ্টা নকৰিলে ৷ অৱশেষত উপায়ন্তৰ হৈ এতিয়া এইসকল লোক নেদেখাজনৰ শৰণাপন্ন হৈছে ৷

লগতে পঢ়ক: কাগজ কল ব‍্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.