ETV Bharat / state

লকডাউনৰ মাজতো কাপোৰৰ বজাৰত গ্ৰাহকৰ ভিৰ !

author img

By

Published : May 21, 2020, 7:27 PM IST

মৰিগাঁৱত বৃহস্পতিবাৰে দেখা গ'ল এক ভয়ংকৰ দৃশ্য । কোলাত কণমানি কেঁচুৱা লৈয়ে পিতৃ-মাতৃয়ে কাপোৰৰ দোকানত ভিৰ কৰা পৰিলক্ষিত হয় ।

Marigaon lock down violation
মৰিগাঁৱত কাপোৰৰ বজাৰত গ্ৰাহকৰ ভিৰ, ভংগ সামাজিত দূৰত্ব

মৰিগাঁও, 21 মেঃ ৰাজ্যত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । কিন্তু ইয়াৰ পিছতো যেন গা লৰা নাই একাংশ লোকৰ । অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন আইনৰ ক্ষেত্ৰতো কিছু শিথিলতা প্ৰদান কৰিছে চৰকাৰে । যদিও চৰকাৰে পৰাপক্ষত লোকসকলক প্ৰয়োজন নহ'লে ঘৰতে সোমাই থকাৰ বাবে আহ্বান জনাইছে । লগতে 10 বছৰৰ অনুৰ্ধ শিশু তথা বৃদ্ধ লোকসকলকো ঘৰত সোমাই থাকিবলৈ আহ্বান জনোৱা হৈছে ।

মৰিগাঁৱত সামাজিত দূৰত্ব ভংগ

উল্লেখ্য যে, মৰিগাঁৱত বৃহস্পতিবাৰে দেখা গ'ল এক ভয়ংকৰ দৃশ্য । কোলাত কণমানি কেঁচুৱা লৈয়ে পিতৃ-মাতৃয়ে কাপোৰৰ দোকানত ভিৰ কৰা পৰিলক্ষিত হয় । চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই স্বাভাৱিক অৱস্থাৰ দৰেই ওলাই আহিছে লোকসকল । ইতিমধ্যে মাস্ক পৰিধান নকৰা ব্যৱসায় তথা গ্ৰাহকৰ উপৰিও অধিক গ্ৰাহকে ভিৰ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানক মৈৰাবাৰী আৰক্ষীয়ে জৰিমণা বিহা হৈছে ।

লগতে পঢ়ক- জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.