মৰিগাঁও,27 ফেব্ৰুৱাৰী: মৰিগাঁও জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি । সামৰণি অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে ।
২৪-২৬ ফেব্ৰুৱাৰীলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সহযোগত ফাৰ্ষ্ট এইড আৰু ট্ৰ’মা মেনেজমেণ্টৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে আৰক্ষীৰ মাজত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ ২৪ গৰাকী আৰক্ষীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী জিলা অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত কুমাৰ শৰ্মাই উদ্বোধন কৰে ।
![as-mrg-26-fb-disaster trainging-rtu-804-vis-img-bt-as100005](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10795599_1.jpg)
মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দিচেন বৰদলৈ, ইণ্ডিয়ান ৰেডক্ৰ’ছ ছ’চাইটিৰ ৰাজ্যিক শাখাৰ প্ৰ’গ্ৰাম মেনেজাৰ ৰাজকুমাৰ শৰ্মা, অগ্নি আৰু আপাতকালীন সেৱা আৰু এছডিআৰএফ-ৰ ষ্টেচন অফিচাৰ মণ্টু ওৰাং সমল ব্যক্তি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে ।
![as-mrg-26-fb-disaster trainging-rtu-804-vis-img-bt-as100005](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10795599_2.jpg)
ইয়াৰ উপৰিও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৫ গৰাকীকৈ ক্ষেত্ৰ বিষয়াই এই কাৰ্যসূচীত উপস্থিত থাকে । জিলাখনৰ অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আৰু এছডিআৰএফ-ৰ বিশেষজ্ঞসকলে প্ৰশিক্ষণৰ সময়ত ফাৰ্ষ্ট এইড আৰু ট্ৰ’মা মেনেজমেণ্টৰ ওপৰত ব্যৱহাৰিক কাৰুকাৰ্য প্ৰদৰ্শন কৰে ৷ অনুষ্ঠানৰ শেষত অংশগ্ৰহণকাৰী সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷