মৰিগাঁও, ৫ মাৰ্চ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ঠায়ে ঠায়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত (Man elephant conflict in Marigaon)৷ এই সংঘাতৰ পৰিণতিত মৰিগাঁৱত মৃত্যু হ'ল এজন লোকৰ ৷
শনিবাৰে নিশা মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত নেলী আৰক্ষী চকীৰ সমীপৰ শিলচাং দহালি গাঁৱত ধান খাবলৈ অহা এটা দঁতাল হাতীৰ আক্ৰমণত নিহত হয় অদীপ কোঁৱৰ নামৰ লোকজন (Man Killed in elephant attack at Jagiroad) ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিচতে নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয় ধৰমতুল উপ-বনাঞ্চলিক বিষয়া ফটিক দেউৰীসহ বনবিভাগৰ এটা দল ৷ লগতে ঘটনাস্থলীত নেলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাটোৰ বুজ লয় ।
বন বিভাগৰ বিষয়াই সদৰী কৰা মতে, যোৱা নিশা ধৰমতুল সংৰক্ষিত বনাঞ্চল এলেকাৰ সমীপৰ গাঁৱত খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো ৷ কিন্ত নিশাৰ ভাগত হাতীটোক লোকজনে প্ৰত্যক্ষ কৰিব পৰা নাছিল । ফলত হাতীটোৱে আক্ৰমণ কৰাত লোকজনকৰ থিতাতে মৃত্য়ু হয় । ইয়াৰ পূৰ্বেও ধৰমতুল সংৰক্ষিত বনাঞ্চলৰ ভিতৰত খৰি লুৰিবলৈ যোৱা আন এজন লোক বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছিল । তদুপৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰি ঘৰলৈ উভতি যোৱাৰ সময়ত এটা দম্পতীক হাতীয়ে আক্ৰমণ কৰি আহত কৰিছিল (Man elephant conflict news) ৷
আনহাতে, বিদ্যুত বিভাগৰ উদাসীনতাৰ বাবে বিগত সময়ত বৈদ্যুতিক তাঁৰত লাগি বনৰীয়া হাতীৰো কৰুণ মৃত্যু ঘটিছে ৷ ৰাজ্যত দিনক দিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূলতে হৈছে বনাঞ্চল সমূহত হোৱা অবাধ বেদখল আৰু ধ্বংসযজ্ঞ । বন ধ্বংসৰ ফলত খাদ্য আৰু বিচৰণ ভূমি হ্ৰাস হোৱাত জনাঞ্চললৈ ঢাপলি মেলিছে ক্ষুধাতুৰ বন্যহস্তীয়ে ৷ ইয়াৰ ফলত মানুহৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাত বহুতো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । ইয়াৰ বিপৰীতে বহু সময়ত বন্যহস্তীৰো কৰুণ মৃত্যু হোৱা দেখা যায় (Elephant attack news) ৷
ইপিনে, বন বিভাগৰ বিষয়াই কয় যে জাকত থকা হাতী তুলনামূলকভাৱে মানুহৰ সৈতে সংঘাতত লিপ্ত নহয় অথবা আক্ৰমণাত্মক নহয় ৷ ইয়াৰ বিপৰীতে অকলশৰীয়াকৈ ঘূৰি-ফুৰা হাতীবোৰ কিছু পৰিমাণে খঙাল প্ৰকৃতিৰ হোৱাৰ উপৰি ইহঁত অধিক উগ্ৰ স্বভাৱৰ হয় । ফলত মানুহৰ সৈতে সংঘাতত লিপ্ত হৈ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে সন্ত্ৰাসৰ কাৰণ হৈ পৰে ।