ধিং,11 মে’: মৰিগাঁও জিলাৰ পশ্চিম মৈৰাবাৰীত মঙলবাৰে চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ ৷ মৃত লোকজন ছাহজাহান আলী বুলি জানিব পৰা গৈছে ৷ লোকজনৰ বাসগৃহৰ সমীপৰ এখন বাঁহনিত ৰহস্যজনকভাৱে চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷
ইফালে মৃত লোকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় তিনিমাহ পূৰ্বে লোকজনে সৰু ভাতৃৰ পত্নীক লৈ ঘৰৰ পৰা পলায়ন কৰিছিল ৷ যাৰ পাছতে প্ৰায় তিনিমাহৰ অন্তত ঘৰত অহা লোকজনক চীপ লোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনহাতে একাংশই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক: ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল