ETV Bharat / state

শ'লমাৰীৰ গণেশ মন্দিৰত ভক্তৰ অভূতপূৰ্ব ভিৰ - শ'লমাৰীৰ শ্ৰীশ্ৰীগণেশ মন্দিৰ প্ৰাংগণ

গণেশ চতুৰ্থী উপলক্ষে প্ৰায় 600 বছৰীয়া পুৰণি শ'লমাৰীৰ শ্ৰীশ্ৰীগণেশ মন্দিৰৰ প্ৰাংগণত সোমবাৰে দেখা গ’ল ভক্তৰ লানি নিচিগা সোঁত ৷ গণেশ বন্দনাৰে মুখৰিত হৈ পৰে ৰাজ্য ৷

শ'লমাৰীৰ গণেশ মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত

author img

By

Published : Feb 16, 2021, 7:12 AM IST

মৰিগাঁও,16 ফেব্ৰুৱাৰীঃ সোমবাৰে গণেশ বন্দনাৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ চৌদিশ ৷ লোকে-লোকাৰণ্য হৈ পৰিল গণেশ মন্দিৰসমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহৰ লগতে মৰিগাঁৱৰ শ'লমাৰীৰ গণেশ মন্দিৰতো ভগৱান গণেশৰ আশীষ ল’বলৈ সমাগম ঘটিল বহু ভক্তৰ ৷

প্ৰায় 600 বছৰীয়া পৌৰাণিক শ'লমাৰীৰ শ্ৰীশ্ৰীগণেশ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় গণেশ পূজা । এই পৌৰাণিক গণেশ মন্দিৰলৈ সোঁত বয় শ'লমাৰীৰ পাশ্বৰ্ৱতী অঞ্চলৰ দুই শতাধিক ভক্তপ্ৰাণ ৰাইজৰ ৷ ভক্তসকলে মনোবাঞ্চা পূৰণ কৰাৰ লক্ষ্যৰে সিদ্ধিদাতাৰ চৰণত আগবঢ়ালে শৰাই-নৈবেদ্য ৷

শ'লমাৰীৰ এই গণেশ মন্দিৰত শৰাই আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে ৷ এই বিশ্বাসক সাৰোগত কৰিয়েই ভক্তৰ লানি নিচিগা সোঁত বয় এই মন্দিৰলৈ ৷

লগতে পঢ়কঃ স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন 'নৰ্থ ইষ্ট কুইন'

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.