ধিং, 10 ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰী শ্বাহী ঈদগাহ ময়দানত বুধবাৰে ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক ড৹ ইদ্ৰিছ আলীৰ জানাজা নামাজ সম্পন্ন হয় । এই জানাজা নামাজ মৈৰাবাৰী গাৰেহেৰা জামে মছজিদৰ মুফতি মতলুবুৰ ৰহমান চাহাবে নামাজ পঢ়াই সম্পন্ন কৰে ।
যোৱা মঙলবাৰে গুৱাহাটী GNRCত মৃত্যুক সাৱটি লোৱা প্ৰাক্তন বিধায়ক ড৹ ইদ্ৰিছ আলীয়ে 20 বছৰতকৈ অধিক কাল মৰিগাওঁ মহাবিদ্যালয়ত সেৱা আগবঢ়াই 2001 চনত ধিং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ হৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
আজিৰ প্ৰাক্তন বিধায়কগৰাকীৰ জানাজা নামাজত ধিং সমষ্টিৰ AIUDF দলৰ বিধায়ক আমিনুল ইছলাম,প্ৰাক্তন বিধায়ক অধ্যাপক মুজিবুৰ ৰহমান,প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান,মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি শ্বৰিফ উদ্দিন আহমেদ,আনজাৰ হুছেইন,ড৹ ৰিয়াজ উদ্দিন আহমেদ,আনোৱাৰ হুছেইন আদি উপস্থিত থাকে ৷
উল্লেখ্য যে,প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মৈৰাবাৰী টাউনৰ দোকান-পোহাৰ সমূহ 8 ঘণ্টাৰ বাবে বন্ধ থাকে ৷
লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ