ETV Bharat / state

আছুৰ পৰৱৰ্তী কেন্দ্ৰীয় সভাপতি-সম্পাদক কোন হ’ব !

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:41 AM IST

আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিম দিন ৷ আগন্তুক কাৰ্যকালৰ বাবে আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ পদবীত কাক কাক দায়িত্ব দিয়া হ’ব সেয়া আজি ঘোষণা কৰাৰ সম্ভাৱনা ৷

Last day of 18th session of AASU held in Morigaon
আছুৰ পৰৱৰ্তী সভাপতি সম্পাদক কোন হ’ব
আছুৰ পৰৱৰ্তী সভাপতি সম্পাদক কোন হ’ব

মৰিগাঁও, 23 নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিবেশনৰ আজি অন্তিম দিন ৷ তিনিদিনীয়াকৈ মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত আছুৰ অধিৱেশনত দ্বিতীয় দিনা ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গ’ল ৷ বুধবাৰে অধিৱেশনৰ দ্বিতীয় দিনা দিনৰ ভাগত সংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে নিশাৰ ভাগলৈ বিভিন্ন সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিশাৰ ভাগতো অধিৱেশস্থলীত লোকে লোকাৰণ্য হৈ পৰিল ৷

আনহাতে, আগন্তুক কাৰ্যকালৰ বাবে আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ পদবীত কাক কাক দায়িত্ব দিয়া হ’ব সেয়া আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ইফালে সভাপতি, সম্পাদকৰ পদৰ বাবে কেইবাজনো ছাত্ৰ প্ৰতিনিধিৰ নাম উচ্চাৰিত হৈছে ৷ বিশেষকৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে শিবিৰে-শিবিৰে চৰ্চা চলি থকা পাঁচ প্ৰাৰ্থীৰ নাম হৈছে গোলাঘাট জিলাৰ অভিবৰ্তন গোস্বামী, শিৱসাগৰ জিলাৰ সমীৰণ ফুকন, নলবাৰী জিলাৰ ভৱজিৎ বেজবৰুৱা, কোকৰাঝাৰ জিলাৰ নৱ ৰায় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ সদস্য শোণিতপুৰৰ নয়ন জ্যোতি গগৈৰ নাম ৷ ইফালে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু বৰ্তমানৰ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ পদবীক লৈও বিশেষ চৰ্চা লাভ কৰিছে ৷

অধিৱেশনৰ দ্বিতীয় নিশা বিভিন্ন সংস্কৃতি সমাহাৰো দেখিবলৈ পোৱা গ’ল অধিৱেশনস্থলীত ৷ ইফালে বাণিজ্যি মেলা, বস্ত্ৰ বিপনীৰ লগতে নৃ-গোষ্ঠীয় খাদ্যৰ জুতি লোৱা দেখা গ’ল ৰাইজক ৷ ৰাজ্যখনৰ প্ৰায় দহ হাজাৰ ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতি অনুষ্ঠিত হৈছে বিভিন্ন সভা ৷ বিপৰীতে কেইবা সহস্ৰাধিক লোকে একেলগে চহিদ গজেন ইংতি, পুতুল শইকীয়া সোঁৱৰণী মণ্ডপত আসন গ্ৰহণ কৰি উপভোগ কৰিলে সাংস্কৃতিক অনুষ্ঠান । বিশেষকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কন্ঠশিল্পী তৰালী শৰ্মা, মানস ৰবীন, আচুৰ্য বৰপাত্ৰ, প্ৰবীণ বৰা, নিৰ্মালী দাস, ৰিচা ভৰদ্বাজৰ প্ৰমুখ্যে জনপ্ৰিয় কন্ঠশিল্পীসকলে হাজাৰ হাজাৰ ৰাইজ উপস্থিত পৰিৱেশন কৰিলে গীত ৷

লগতে পঢ়ক:আছু ত্যাগ কৰিব নেকি ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.