ETV Bharat / state

লাহৰিঘাটত আৰক্ষী বিষয়াৰ ইফটাৰ বিতৰণ - বৰছলা অঞ্চল

লাহৰিঘাটৰ বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ প্ৰশংসনীয় পদক্ষেপ । ৰমজান মাহ উপলক্ষে অঞ্চলটোৰ বহু ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰে ঘৰে গৈ ইফটাৰৰ সামগ্ৰী বিতৰণ ৷

লাহৰিঘাটত আৰক্ষী বিষয়াৰ ইফটাৰ বিতৰণ
লাহৰিঘাটত আৰক্ষী বিষয়াৰ ইফটাৰ বিতৰণ
author img

By

Published : Apr 21, 2021, 10:02 PM IST

লাহৰীঘাট,21 এপ্ৰিল: এতিয়া চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ ৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ ৰোজা । ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনটো লঘোণে থাকি সৃষ্টিকৰ্তাৰ চৰণত নিজৰ লগতে সমাজৰ কল্যাণৰ বাবে দোৱা জনায় ।

ৰমজান মাহ উপলক্ষে এক প্ৰশংসনীয় পদক্ষেপ লাহৰিঘাটৰ বৰছলা অঞ্চলৰ ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকে । অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ইফটাৰৰ খাদ্য-সামগ্ৰী আগবঢ়োৱাৰ লগতে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান চলাই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে আৰক্ষী বিষয়াজনে ।

লগতে পঢ়ক : পথালিবামৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.