মৰিগাঁও,29মে': এফালে যদি কৰ'ণা ভাইৰাছৰ আতংক , আনফালে আকৌ বানৰ ত্ৰাস ৷ সমান্তৰালভাৱে খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ মাটি-ভেটি লগতে কৃষিভূমি ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল মৰিগাঁৱত৷ মৰিগাঁও লাহৰিঘাটত অব্যাহত আছে বৰলুইতৰ ভয়াৱহ খহনীয়া।চপৰা-চপৰে খহিছে বৰলুইটৰ পাৰ ৷নিজৰ মাটি হেৰুৱাই সৰ্বহাৰা হৈ ইতিমধ্যে বহু লোক অন্য স্থানলৈ ঢাপলি মেলিছে ৷ একাংশই বিপদ অহাৰ আগেয়ে নিজ হাতে ভাঙি পেলাইছে সপোনৰ ঘৰখনো ৷ক'ত যাব কি কৰিব তাকে লৈয়ো তেওঁলোক শংকিত ৷ কিন্তু লক্ষণীয় বিষয় এইয়ে যে, উন্নয়নৰ কথা কোৱা চৰকাৰ তথা বানপানীৰে মোকাবিলা কৰিবলৈ সাজু বুলি সংবাদমেলত কৈ ফুৰা জলসম্পদ বিভাগৰ নাই কোনো খবৰ ৷ এই অভিযোগ নৈ পৰীয়া ৰাইজৰ ৷ এই বিপদৰ সময়ত লাহৰিঘাটৰ নৈ পৰীয়া ৰাইজৰ কাষত থিয় দিবলৈ সময় হ'বনে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সেইয়া সময়ে ক'ব ৷
লাহৰিঘাটত ভয়াৱহ খহনীয়াঃৰাইজে ভাঙিছে নিজৰ ঘৰ - মন্ত্ৰী কেশৱ মহন্ত
লাহৰিঘাটত নৈ পৰীয়া ৰাইজে নিজ হাতে ভাঙি পেলাইছে সপোনৰ ঘৰখন ৷ কাৰণ লাহৰিঘাটত অব্যাহত আছে বৰলুইতৰ ভয়াৱহ খহনীয়া।চপৰা-চপৰে খহিছে বৰলুইতৰ পাৰ ৷নিজৰ মাটি হেৰুৱাই সৰ্বহাৰা হৈ ইতিমধ্যে বহু লোক অন্য স্থানলৈ ঢাপলি মেলিছে