মৰিগাঁও, 18 মাৰ্চ : শনিবাৰে পুৱা মৰিগাঁও আৱৰ্ত ভৱনৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এখনি বিশেষ সভাৰ ৷ জিলা প্ৰশাসন, সত্ৰাধিকাৰসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ উপস্থিতিত আয়োজিত এই সভাত মৰিগাঁও জিলাৰ ঐতিহাসিক সত্ৰসমূহত অব্যাহত থকা বেদখলৰ সন্দৰ্ভত আলোচনা কৰা হয় (Satra land encroachment) ৷ লগতে এই আলোচনাত উপস্থিত থাকে মৰিগাঁৱত অসম বিধানসভাৰ তিনিজনীয়া সদস্যৰে গঠিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ সদস্য আৰু বিষয়া ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত শ্ৰী শ্ৰী ন-ৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে কয়, ‘‘সত্ৰখনৰ 484 বিঘা মাটিৰ পৰা 1969 চনত 6 মাৰ্চ তাৰিখে এখন চিঠিৰ যোগে চৰকাৰে 471 বিঘা মাটি অধিগ্ৰহণ কৰিছিল (Kuji Satra in Morigaon)৷
সেই অধিগ্ৰহণ কৰা মাটিৰ পৰা সত্ৰই যি সত্ৰ ভাট্টা পাব লাগে সেয়া লাভ কৰা নাই ৷ এই সন্দৰ্ভত ইতিমধ্যে বহু আৱেদন-নিবেদন কৰা হৈছে যদিও লাভ কৰা নাই কোনো সুদুত্তৰ ৷ ফলত সত্ৰখন পৰিচালনা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে সত্ৰ পৰিচালনা সমিতি’’ ৷
লগতে তেওঁ কয়, ‘‘একালত আৰ্শীবাদ হিচাবে থকা ঐতিহাসিক কুজি বিল বৰ্তমান অভিশাপস্বৰূপ হৈ উঠিছে ৷ কিয়নো পূৰ্বতে থকা এই বিলখনৰ জান-জুৰিবোৰেৰে অহা পানীৰ পথবোৰ কিছু অসাধু লোকে বন্ধ কৰি দিছে ৷ ফলত পূৰ্বৰ সেই ঐতিহাসিক বিলখন বৰ্তমান এটা হ্ৰদলৈহে পৰিণত হৈছে ৷ তাৰ ফলত বাৰিষা আহিলেই সত্ৰৰ দাঁতিকাষৰী অঞ্চল পানীত ডুব যোৱাৰ উপক্ৰম হয়’’ ৷
সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে আৰু কয়, ‘‘সত্ৰাধিকাৰৰ নামে থকা সত্ৰৰ 287 দাগৰ 1 বিঘা 1 লেচা মাটি সত্ৰৰ দখলত নাই ৷ সেই মাটিখিনি বৰ্তমান কাৰ দখলত আছে সেয়াও সঠিক ৰূপত জানিব পৰা হোৱা নাই ৷ সত্ৰৰ দখলত নথকা উক্ত মাটিখিনিৰ বাবদ কিন্তু আজিও ৰাজহ ভৰি থাকিব লগাত পৰিছে সত্ৰ পৰিচালনা সমিটিয়ে’’ (Kuji satra land encroachment) ৷
লগতে পঢ়ক : Albino Barking Deer : ডিমা হাছাওৰ হাডিঙমা গাঁৱত ওলাইছে দুৰ্লভ প্ৰজাতিৰ বগা হৰিণ