ETV Bharat / state

Protest in Morigaon: অসমৰ ৩৬খন জিলাত ৩৬ খন টোলগেট স্থাপন কৰক; খিলঞ্জীয়া সুৰক্ষা সমিতি

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:00 PM IST

চহা কৃষকক কৃষি ঋণৰ বাবে দহ হাজাৰ টকাকৈ দিব নোৱাৰা চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে পত্নীৰ নামত পঞ্চাশ বিঘা মাটি ক্ৰয় কৰি দহ কোটি টকাৰ ৰাজসাহাৰ্য লৈ জনতাক জীয়াই জীয়াই খোলত দি কোটিপতি হৈছে । এই অভিযোগ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ ।

Khilangia Surakha Samiti Protest in Morigaon
খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ মৰিগাঁও জিলা সমিতিৰ কেন্দ্ৰীয় সম্পাদক সুৰেশ কুমাৰ দাস

মৰিগাঁও, ১৪ ছেপ্টেম্বৰ: অসমৰ ৩৬খন জিলাত ৩৬ খন টোলগেট স্থাপন কৰক । এইখন কৰ (TAX) সৰ্বস্ব চৰকাৰে যদি ইমানেই কৰৰ বাবে হাবাথুৰি খাইছে তেন্তে ঘৰৰ পদূলিয়ে-পদূলিয়ে টোলগেট স্থাপন কৰক । তেতিয়া কৰ পাব । এই মন্তব্য খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ বিহুতলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ মৰিগাঁও জিলা সমিতিৰ কেন্দ্ৰীয় সম্পাদক সুৰেশ কুমাৰ দাস ৷

তেওঁ লগতে কয়, "যিখন চৰকাৰে চহা কৃষকক কৃষি ঋণৰ বাবে দহ হাজাৰ টকাকৈ দিব নোৱাৰে, সেইখন চৰকাৰৰে মুখ্যমন্ত্ৰীয়ে পত্নীৰ নামত পঞ্চাশ বিঘা মাটি ক্ৰয় কৰি দহ কোটি টকাৰ ৰাজসাহাৰ্য লৈ জনতাক জীয়াই জীয়াই খোলত দি কোটিপতি হৈছে । এইখন চৰকাৰৰ দিনত মধ্যবিত্ত, নিম্ন বিত্ত পৰিয়াল মূল্যবৃদ্ধিৰ বাবে মৰিব লগা হৈছে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী কোনো ৰজা-মহাৰজাৰ পুত্ৰ নেকি ! তেওঁলোকে ইমান টকা কেনেদৰে পালে বুলিও প্ৰশ্ন উত্থাপন কৰে দাসে ৷

তেওঁ লগতে কয়, অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিশেষকৈ চাউল, চেনি, আটা, মিঠাতেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বাবে পাকঘৰত হাহাকাৰ লাগি থকা সময়তে স্মাৰ্ট মিটাৰৰ বিলে জনতাক জলা-কলা খোৱাইছে ৷ ইয়াৰ মাজতে ৰাজ্যত তথা উজনি-নামনিত নতুনকৈ ১৮খনকৈ টোলগেট স্থাপন কৰি কৰৰ বোজাৰ শ্ৰীবৃদ্ধি কৰা খবৰটোৱে ৰাইজক হতাশ কৰিছে ৷

তেওঁ চৰকাৰক অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ লগতে মৰিগাঁও জিলাৰ সমীপৱৰ্তী বঘৰাত নিৰ্মাণৰত মেডিকেল কলেজত ৯০ শতাংশ খিলঞ্জীয়া যুৱক-যুৱতীক অৰ্হতাৰ অনুসৰি কৰ্ম সংস্থাপন প্ৰদান কৰাৰ দাবী জনায় ৷ সমিতিয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ পাচত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ আৰু টোলগেট স্থাপনৰ লগতে নিৰ্মাণৰত মেডিকেল কলেজত খিলঞ্জীয়া লোকক নিযুক্তিৰ দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Assam CM wife land Scam : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰী পত্নী ৰিণিকি শৰ্মা ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.