ETV Bharat / state

আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু

কৰ’ণা মহামাৰীৰ মাজতে আজি ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হ’ব হেঁপাহৰ কাতি বিহু ৷ মৰিগাঁৱতো পুৱাৰ ভাগতে পথাৰলৈ আহিছে চহা কৃষকসকল । সকলো চহা সমাজক কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান কৃষক সংগঠক তুলসী ডেকাৰ ৷

Kati Bihu celebrate in Assam
কৰ’ণা মহামাৰীৰ মাজতে পালন কৰা হ’ব অসমীয়াৰ হেঁপাহৰ কাতি বিহু
author img

By

Published : Oct 17, 2020, 7:35 AM IST

মৰিগাঁও,17 অক্টোবৰ : আজি কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়াই পালন কৰে কাতি বিহু ৷ কাতি বিহু মানে চহা কৃষকৰ মনত আশাৰ সঞ্চাৰ হোৱাৰ সময় ৷ গেৰ ধৰা আহিন বাগৰি কাতি মাহ পৰাৰ সময়তে কৃষকে আশা কৰে বছৰটোলৈ দুমুঠি ধান বেছিকৈ পাবলৈ ৷ কাতি বিহুৰ দিনটোত ধাননি চপাই-চিকুনাই সন্ধিয়া চাকি জ্বলোৱাৰ লগতে শৰাই আগবঢ়াই ঈশ্বৰৰ নাম লয় আৰু কোনো কোনো ঠাইত আকাশ বন্তিও জ্বলোৱা হয় ৷

অৱশ্যে কৰ’ণা মহামাৰীৰ মাজতে এইবাৰ অসমীয়া সমাজে অনুষ্টুপীয়াকৈ পালন কৰিব হেঁপাহৰ বিহুটি ৷ পৰম্পৰাগত কৃষি ভিত্তিক মাংগলিক লোকপৰ্ব উপলক্ষে পথাৰে-ঘৰে চাকি-বন্তি জ্বলোৱাৰ লগতে কাতি বিহুৰ বিশেষ ঘোষা পদ ‘‘কাতি মাহত কাতি দেউল আনৰ ধান আউল বাউল,আমাৰ ধান মলুখা চাইল’’ গাব কৃষক ৰাইজে ৷

কৰ’ণা মহামাৰীৰ মাজতে পালন কৰা হ’ব অসমীয়াৰ হেঁপাহৰ কাতি বিহু

পুৱাৰ ভাগতে পথাৰলৈ আহিছে চহা কৃষকসকল । সকলোৱে ঘৰৰ চোতালত ৰোৱা তুলসী তলত জ্বলাব এগছি বন্তি । প্ৰচলিত কাতি বিহুৰ নাম ফাঁকি ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে,তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে’’ৰে মুখৰিত হ’ব গঞাৰ চোতাল । বন্তি জ্বলাই পথাৰৰ লখিমী ঘৰলৈ কুশলে ঘৰৰ চোতাললৈ আহিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব ।

ইফালে সকলো চহা সমাজক কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ কৃষক সংগঠক তুলসী ডেকাই আহ্বান জনাইছে ৷

অৱশ্যে বান বিভীষিকাই তচ-নচ কৰা ৰাজ্যৰ বহু কৃষিভূমিত নজ্বলিব কঙালীৰ বন্তিগছি ৷ লখিমপুৰ,ধেমাজি,কামপুৰ,মৰাণ আদি বিভিন্ন ঠাইত বানে ধোৱা পথাৰত চাকি নজ্বলায় কৃষকসকলে ৷

লগতে পঢ়ক: 20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.