ETV Bharat / state

পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো জোনবিল মেলাৰ প্ৰস্তুতি আৰম্ভ - jonbil mela preparation at morigaon

আগন্তুক ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ঐতিহাসিক জোনবিল মেলা ৷ জোনবিলৰ পাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মেলা সময়ছোৱাত কোনো দল-সংগঠনক বন্ধ নিদিবলৈ আহ্বান উদযাপন সমিতিৰ

মৰিগাঁও
পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো জোনবিল মেলাৰ প্ৰস্তুতি আৰম্ভ
author img

By

Published : Jan 3, 2020, 7:57 PM IST

মৰিগাঁও, 3 জানুৱাৰীঃ ঐতিহাসিক জোনবিল মেলাৰ বাবে প্ৰস্তুতি আৰম্ভ । পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো ঐতিহাসিক জোনবিল মেলা আগন্তুক ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব । ঐতিহাসিক জোনবিলৰ পাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মেলা । মেলা কেইদিনত কোনো দল-সংগঠনক কোনো ধৰণৰ বন্ধ নিদিবলৈ আহ্বান উদযাপন সমিতিৰ । শুকুৰবাৰে মধ্য অসমৰ চহকী ৰজা গোভা দেওৰজাৰ ৰাজ পৰিষদে সংবাদমেল সম্বোধন কৰি সদৰী কৰে এই কথা ।

পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো জোনবিল মেলাৰ প্ৰস্তুতি আৰম্ভ

সাম্প্ৰতিক ৰাজ্যৰ পৰিস্থিতিৰ কথা দোহাৰি গোভা ৰাজ পৰিষদে কোনো দল-সংগঠনকে জোনবিল মেলাৰ বাবে সেইকেইটা দিনত কোনোধৰণৰ বন্ধ নিদিবলৈ আহ্বান জনাইছে । আনহাতে, ১৬ জানুৱাৰীৰ পুৱা গোভা ৰজা দীপসিং দেওৰজাই পতাকা উত্তোলন কৰিব আৰু দুপৰীয়া ডা-ডাঙৰীয়াৰ সৈতে জোন বিলৰ পাৰত প্ৰীতি ভোজ খাব বুলিও মত প্ৰকাশ কৰে । দুপৰীয়াৰ পৰা জোন বিলৰ পাৰত পাহাৰৰ মামা-মামী সকলে ধান খেৰৰ নৰাৰে অস্থায়ী পঁজা সাজিব । তাৰ পাচতে ১৭ জানুৱাৰীৰ পুৱতি নিশা মামা-মামী সকলে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। কৃষিজাত সামগ্ৰীৰ বিনিময় চানেকিৰে জিলিকি উঠিব জোনবিলৰ পাৰ । গোভা দেওৰজাৰ পৰম্পৰাগত আমন্ত্ৰণ ৰক্ষা কৰি ১৮ জানুৱাৰীত ৰাজ দৰবাৰত অংশ গ্ৰহণ কৰিব মধ্য অসমৰ ১৮ জন প্ৰতীকী তিৱা ৰজাই । এই ৰাজ দৰবাৰতে পৰম্পৰাগতা ৰজা সকলে লাভ কৰিব ৰাজভাট্টা । যুগ-যুগ ধৰি পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো হিচাপে চিহ্নিত হৈ অহা এই জোনবিল মেলালৈ সকলোৱ সহায়-সহযোগিতা কামনা কৰিছে গোভা ৰাজ দৰবাৰে আৰু জোনবিল মেলা সমিতিয়ে ।

আৰু পঢ়কঃ পশ্চিম বংগৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

Intro:ঐতিহাসিক জোনবিল মেলাৰ বাবে প্ৰস্তুতি আৰম্ভ ।প্ৰাচীন গোভাৰাজ্য জোনবিলৰ পাৰত ১৬জানুৱাৰী ৰ পৰা তিনি দিনীয়া কৈ অনুষ্ঠিত হব লগা মেলা কেইদিনত বন্ধ কাৰ্যসূচী বাতিল কৰিবলৈ উদযাপন সমিতিৰ আহবান ।Body:আগন্তুক ১৬ জানুৱাৰীৰ পৰা ঐতিহাসিক জোনবিল মেলা
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জোনবিল মেলা
মেলাৰ কেইদিন দল সংগঠনক বন্ধ নিদিবলৈ আহ্বান জোনবিল মেলা সমিতিৰ।

পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো ঐতিহাসিক জোনবিল মেলা অহা ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। ঐতিহাসিক জোনবিলৰ পাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব এই মেলা। মধ্য অসমৰ চহকী ৰজা গোভা দেওৰজাৰ ৰাজ পাৰিষদে এক সংবাদ মেল যোগে সদৰি কৰিছে এই কথা। সাম্প্ৰতিক ৰাজ্যৰ পৰিস্থিতিৰ কথা দোহাৰি গোভা ৰাজ পাৰিষদে কোনো দল সংগঠনকে জোনবিল মেলাৰ বাবে সেইকেইটা দিনত কোনোধৰণৰ বন্ধ নিদিবলৈ আহ্বান জনাইছে। ১৬ জানুৱাৰীৰ পুৱা গোভা ৰজা দীপসিং দেওৰজাই পতাকা উত্তোলন কৰিব আৰু দুপৰীয়া ডা-ডাঙৰীয়াৰ সৈতে জোন বিলৰ পাৰত প্ৰীতি ভোজ খাব। দুপৰীয়াৰ পৰা জোন বিলৰ পাৰত পাহাৰৰ মামা-মামী সকলে ধান খেৰৰ নৰাৰে অস্থায়ী পঁজা সাজিব। আনন্দ মনেৰে জোনবিলৰ পাৰত নিশাটো কটাব। ১৭ জানুৱাৰীৰ পুৱতি নিশা মামা- মামী সকলে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। কৃষিজাত সামগ্ৰীৰ বিনিময় চানেকিৰে জিলিকি উঠিব জোনবিলৰ পাৰ। গোভা দেওৰজাৰ পৰম্পৰাগত আমন্ত্ৰণ ৰক্ষা কৰি ১৮ জানুৱাৰীত ৰাজ দৰবাৰত অংশ গ্ৰহণ কৰিব মধ্য অসমৰ ১৮ জন প্ৰতীকী তিৱা ৰজাই। এই ৰাজ দৰবাৰতে পৰম্পৰাগতা ৰজা সকলে লাভ কৰিব ৰাজভাট্টা। যুগ- যুগ ধৰি পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ সাঁকো হিচাপে চিহ্নিত হৈ অহা এই জোনবিল মেলালৈ সকলোৱ সহায়-সহযোগিতা কামনা কৰিছে গোভা ৰাজ দৰবাৰে আৰু জোনবিল মেলা সমিতিয়ে।
Shot-
Byte = 1 + 1Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.