ETV Bharat / state

21ৰ পৰা ২৩ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

ক’ভিড 19ৰ বাবে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা ৷ পৰম্পৰাগত বিনিময় প্ৰথাৰ বাহিৰে এইবেলি মেলাত নাথাকে কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান ৷

as-mrg-jonbil-festival-is-about-to-statrt-from-21to-23-january-vis-as10005
21ৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা
author img

By

Published : Dec 30, 2020, 1:44 PM IST

মৰিগাঁও,30 ডিচেম্বৰ: আগন্তুক 21 জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা ৷ সংবাদমেলযোগে এই কথা সদৰি কৰে জোনবিল মেলা পৰিচালনা সমিতিয়ে ৷ অৱশ্যে ক’ভিড 19ৰ বাবে এইবেলি জোনবিল মেলাত কিছু সালসলনি ঘটোৱা হৈছে ৷ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি এইবেলি বাণিজ্য মেলা,খাদ্য মেলা,থলুৱা সামগ্ৰীৰ দোকান পোহাৰৰ লগতে বাতিল কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান কাৰ্যসূচী ৷

জোনবিল মেলা পৰিচালনা সমিতিৰ সংবাদমেল

ইয়াৰ বিপৰীতে এইবেলি জোনবিল মেলা ঐতিহাসিক বিনিময় প্ৰথাৰ লগতে পৰম্পৰাগত ভাৱে চলি অহা নীতি নিয়মৰ মাজেৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব ৷ আনহাতে,পৰম্পৰা অনুসৰি জোনবিল মেলাস্থলীত ৰজাসকলক ৰাজ ভাট্টা প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিমন্ত্ৰণ কৰাৰ বিষয়ে সংবাদমেলত সদৰী কৰে জোনবিল মেলাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে ৷

লগতে পঢ়ক-অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.