ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ মুখৰ জাগীৰোড কাগজ কল

author img

By

Published : Jan 21, 2021, 7:47 PM IST

ন্যায্য প্ৰাপ্তিৰ দাবীত কাগজ কলৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাগজ কলৰ কৰ্মচাৰী সকলৰ ৷ প্ৰতিবাদী কৰ্মচাৰীসকলক সংগ দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ প্ৰতিবাদৰ পাছতেই কাগজকলৰ কৰ্মচাৰীসকলৰ লগত এক আলোচনাতো মিলিত হয় প্ৰাক্তন আছু নেতাজন ৷

jagiroad_papermil_protes
জাগীৰোড কাগজ কলৰ সন্মুখত প্ৰতিবাদ

জাগীৰোড, 21 জানুৱাৰী : ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ প্ৰতিবাদত বহিল জাগীৰোড কাগজ কলৰ কৰ্মচাৰী সকলে ৷ বৃহস্পতিবাৰে কাগজ কলৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে কৰ্মচাৰীসকলে ৷

প্ৰতিবাদী কৰ্মচাৰীসকলক সংগ দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে দলটোৰ আন কেইবাজনো জ্যেষ্ঠ নেতাই ৷ আনকি প্ৰতিবাদকাৰী সকলে অনতি পলমে কাগজকলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আগভাগ লবলৈ কৰিলে অনুৰোধ ৷ প্ৰতিবাদৰ পাছতেই কাগজকলটোৰ কৰ্মচাৰীসকলৰ লগত এক আলোচনাতো মিলিত হয় অসম জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.