ETV Bharat / state

Fraud ATM Card and Pass Book: মৰিগাঁৱত জাপে জাপে ওলাইছে এটিএম কাৰ্ড - মৰিগাঁও আৰক্ষী

মৰিগাঁও মিকিৰভেটাত পহিলা বহাগৰ দিনটোত ATM Card আৰু Pass Book ৰ মেলা পাতিছে মৰিগাঁও আৰক্ষীয়ে (Fraud ATM Card and Pass Book)। আপুনিও আপোনাৰ নামত থকা ATM Card আৰু Pass Book খন বিচাৰি আহিব পাৰে মৰিগাঁও আৰক্ষী আৰু চিএছ পিয়ে অনুষ্ঠিত কৰা এই বিশেষ মেলাখনলৈ । চাওক এই প্ৰতিবেদন...

Large black market for ATM Card and Pass Book in Morigaon
মৰিগাঁৱত ATM Card আৰু Pass Book ৰ বৃহৎ ক’লা বজাৰ
author img

By

Published : Apr 15, 2023, 10:40 PM IST

মৰিগাঁৱত ATM Card আৰু Pass Book ৰ বৃহৎ ক’লা বজাৰ

মৰিগাঁও, 15 এপ্ৰিল: বিহুৰ উলহ মালহৰ মাজতেই মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ সংখ্যক এ টি এম কাৰ্ড (Fraud ATM Card and Pass Book)। চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাত ব্যৱহাৰ কৰিছিল এই সমূহ এটিএম কাৰ্ড । আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা চাইবাৰ অপৰাধী আৰক্ষীৰ বেহু ভেদি পলায়ন কৰিবলৈ সক্ষম হয় (ATM Card and Pass Books seized) ।

মন কৰিবলগীয়া যে, মৰিগাঁও জিলা প্ৰশাসনৰ চোৰাংচোৱা বিভাগৰ চকুত ধূলি দি মৰিগাঁও জিলাৰ পূৱ উত্তৰ মৈৰাবাৰী আৰু লাহৰীঘাটত একাংশ চি এছ পি এজেন্টে চাইবাৰ অপৰাধৰ জৰিয়তে অতিকম দিনৰ ভিতৰতে বিলাসী জীৱন, বিলাসী বাহন, গুৱাহাটীত ফ্লেট, মৰিগাঁও চহৰত লাখ-লাখ টকাৰে ক্ৰয় কৰিছে মাটি-বাৰী । উত্থাপিত অভিযোগ অনুসৰি মৰিগাঁৱত প্ৰতিটো বিত্তীয় প্ৰতিষ্ঠানৰ অন্তৰ্গত চি এছ পিৰ এজেন্টে জিলাখনৰ সহজ সৰল দুখীয়া গ্ৰাহক ৰাইজৰ পৰা চল-চাতুৰীৰে এটিএম কাৰ্ডসমূহ ৰাখি থয় ৷

তাৰ পিচতে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ চি এছ পিৰ এজেন্টে চহা, কৃষক তথা দুখীয়া ৰাইজৰ এটিএম কাৰ্ডৰে তথা ভুৱা তথ্য যোগান ধৰি চৰকাৰী আঁচনিৰ লাখ লাখ টকা আত্মসাৎ কৰি আহিছে (Fraud ATM Card and Pass Book)। ইয়াৰ অংশৰূপে বিগত ৬ এপ্ৰিলত মৈৰাবাৰীৰ এটা চক্ৰক মিকিৰভেটা অঞ্চলত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা নাকা চেকিঙত ৩৮৬ খন চেন্ট্ৰেল বেংকৰ এ টি এম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় (ATM cards seized in Morigaon) ৷

লগতে লাহৰীঘাটৰ ছাহজামান হক নামৰ ষ্টেট বেংকৰ চি এছ পিৰ এজেন্ট জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪৯৬ খন এ টি এম কাৰ্ডসহ জব্দ কৰিছে আৰক্ষীয়ে ।

তাৰোপৰি উক্ত দিনা ২৫ লক্ষাধিক চৰকাৰী বিভিন্ন আঁচনিৰ ধনো চক্ৰটোৱে উলিয়াই নিছে । ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড, বৃদ্ধপেঞ্চন, সংখ্যালঘু জলপানিৰ ধন প্ৰকৃত হিতাধিকাৰীৰ পৰিবৰ্তে এই চক্ৰটোৱে উলিয়াই নিয়া বুলি তথ্য লাভ কৰাৰ পিছত মৰিগাঁও আৰক্ষীয়ে ব্যাপক তদন্ত চলাইছে ।

লগতে পঢ়ক: Protest in Tinsukia: ধৰ্ষিতা কিশোৰীৰ মাতৃৰ আত্মহনন, গৰু বিহুৰ গধুলি উত্তপ্ত পৰিস্থিতি

এই সন্দৰ্ভত মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে, চাইবাৰ অপৰাধৰ হাবৰূপে পৰিগণিত হৈছে মৈৰাবাৰী, লাহৰীঘাট ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.