ETV Bharat / state

জোনবিলৰ পাৰত অহা 18 ৰ পৰা 20 জানুৱাৰীলৈ ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:26 PM IST

Jonbeel Mela 2023: ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলাৰ সময়সূচী ঘোষণা কৰিলে মেলা পৰিচালনা সমিতিয়ে ৷ অহা 18 ৰ পৰা 20 জানুৱাৰীলৈ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব এই মেলা ৷

Jonbeel Mela 2023
Historic Jonbeel Mela
18 ৰ পৰা 20 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও, 18 ডিচেম্বৰ: পুহ মাহ সোমাল, তাৰ পিচতেই মাঘ ৷ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা ৰাজ্যবাসীয়ে পালন কৰিব আদৰৰ ভোগালী বিহু ৷ তাৰ ঠিক দুদিন পিচতেই মৰিগাঁৱত আৰম্ভ হ’ব ঐতিহাসিক জোনবিল মেলা ৷ জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 18, 19 আৰু 20 জানুৱাৰীত অনুষ্ঠিত হ’ব গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা পৰম্পৰাগত জোনবিল মেলা ৷

উল্লেখ্য যে, এই জোনবিল মেলাৰ মূল বৈশিষ্ট হৈছে বিনিময় প্ৰথা ৷ পূৰ্বতে হাট-বজাৰসমূহত প্ৰচলিত বিনিময় প্ৰথা জোনবিল মেলাত এতিয়াও পৰম্পৰাগতভাৱে চলি আহিছে ৷ গোভাৰজাই মেলাৰ দ্বিতীয় দিনা পুৱতি নিশা এই পৰম্পৰা আৰম্ভ কৰে ৷ কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰৰ পৰা মেলালৈ নামি আহে জাক-জাক পুৰুষ-মহিলা ৷ যাক মামা-মামী বুলি সম্বোধন কৰা হয় ৷ তেওঁলোকে পাহাৰত উৎপাদিত বিভিন্ন সামগ্ৰী যেনে আলু, কচু, জালুক, আদা, হালধি, জলকীয়া, জনগোষ্ঠীয় খাদ্যসম্ভাৰ, সাজ-পাৰ আদি লৈ আহে মেলাত বিক্ৰী কৰিবলৈ ৷

ভৈয়ামৰ মানুহে চিৰা-পিঠা, শুকান মাছ, লাৰু আদি সামগ্ৰীৰ সৈতে পাহাৰৰ সামগ্ৰীৰ বিনিময় কৰে ৷ অৱশ্যে আজিকালি বেছিভাগেই ধন দিয়েই ক্ৰয় কৰে এই সামগ্ৰীসমূহ ৷ জোনবিল মেলা উপলক্ষে জোনবিলৰ পাৰত উখল-মাখল পৰিবেশে বিৰাজ কৰা দেখা যায় ৷ কুকুৰা যুঁজ, সমূহীয়া মৎস্য চিকাৰৰ লগতে বিভিন্ন ৰং-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় জোনবিলৰ পাৰত ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত গীত-নৃত্যৰে মুখৰিত হৈ পৰে জোনবিল মেলাথলী ৷ তাৰ লগতে বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰাও পৰিবেশ কৰা হয় সাংস্কৃতিক অনুষ্ঠান ৷

প্ৰতিবাৰৰ দৰে এইবাৰো মেলাথলীত অনুষ্ঠিত হ’বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ১৯ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এখন সংবাদমেলযোগে মেলা আয়োজনৰ এই সমস্ত বিষয় অৱগত কৰে জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷

ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জোনবিল মেলা উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও ভূমিৰ অভাৱৰ বাবে চিন্তিত হৈ পৰিছে মেলা পৰিচালনা সমিতি ৷ এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈও সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছে ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ লগতে মেলা পৰিচালনা সমিতিয়ে ৷ লগতে ৰাইজক জোনবিলৰ বাকৰিলৈ সাদৰেৰে নিমন্ত্ৰণ জনালে আয়োজকসকলে ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত উপস্থিত থাকি কি ক’লে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.