ETV Bharat / state

মৰিগাঁৱত গৰু চোৰক ৰাম পিটন ৰাইজৰ

author img

By

Published : Nov 14, 2019, 7:13 PM IST

এশ গৰু মাৰিলে বাঘৰো মৰণ এই কথা আখৰে আখৰে প্ৰতিফলিত হ’ল মৰিগাঁৱৰ দলৈচুবা গাঁৱত । বিগত কেইবামাহ ধৰি গৰু চুৰিৰে গৃহস্থৰ টোপনি কঢ়া গভাইত গৰু চোৰ ৰাইজৰ ফান্দত পৰিল । নিশা উত্তেজনাময় পৰিস্থিতি,আৰক্ষী চি আৰ পি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

মৰিগাওঁ, 14 নৱেম্বৰ: মৰিগাঁৱৰ দলৈচুবা গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। ৰাইজে গৰু চোৰৰ সন্দেহত দলবাৰীৰ আজমত আলী নামৰ এজন ব্যক্তিক উত্তম-মধ্যম দিয়ে ৰাইজে। অভিযোগ অনুসৰি গাঁৱৰ ৰাইজ ৰাসত ব্যস্ত থকাৰ সুবিধা লৈ চোৰ কৰাৰ উদ্দেশ্যে চোৰটো বাঁহৰ বাৰীত সোমাই আছিল ৷ কেইজনমান লোকে প্ৰত্যক্ষ কৰি গাঁওবুঢ়াৰ ঘৰলৈ লৈ যায় যদিও একাংশ লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে চোৰটোক ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু চোৰটোক উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও আৰক্ষী-ৰাইজৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়।

গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
আৰক্ষীক শিলগুটি,ইটা দলিয়াই উত্তেজিত ৰাইজে। আৰক্ষীয়ে হাতযোৰ কৰি ৰাইজক আইন হাতত তুলি নল'বলৈ অনুৰোধ কৰে যদিও আৰক্ষীৰ অনুৰোধ নামানি আইন হাতত তুলি লয় একাংশ ৰাইজে ৷ ৰাইজে আৰক্ষীৰ দলটোক আৱদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত মৰিগাঁও উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আৰু চোৰটো মৰিগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায় ৷ আনহাতে,গাঁওখনত বহুদিনৰ পৰা গৰু চোৰে তাণ্ডৱ চলাই গাভিনী গৰুসহ ২৬ টা গৰু চুৰি কৰাত গো-পালকসকল ক্ষুব্ধ হৈ আছিল যাৰ ফলত মহিলাইও দিব লগা হৈছিল পহৰা ৷

লগতে পঢ়ক: ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

Intro:এশ গৰু খালে বাঘৰো মৰণ -অসমীয়া এইষাৰ আপ্তবাক্য আখৰে আখৰে প্ৰতিফলিত হৈছে মৰিগাঁৱৰ দলৈচুবা গাঁৱত। বিগত কেইবামাহ ধৰি গৰু চুৰিৰে গৃহস্থৰ টোপনি কাঢ়া গভাইত গৰ চোৰ ৰাজৰ ফান্দত পৰি মুমূৰ্ষু । নিশা উত্তেজনা ময় পৰিস্থিতি ।আৰক্ষী চিআৰপি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ ।Body::মৰিগাঁৱৰ দলৈচুবা গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। ৰাইজে গৰু চোৰৰ সন্দেহত দলবাৰীৰ আজমত আলী নামৰ এজন ব্যক্তিক ধৰি উত্তম-মাধ্যম । অভিযোগ মতে গাঁৱৰ ৰাইজ ৰাসত ব্যস্ত থকাৰ সুবিধা লৈ চোৰ কৰাৰ উদ্দেশ্যে চোৰটো বাঁহৰ বাৰীত চুপ লৈ আছিল৷কেইজনমান লোকে প্ৰত্যক্ষ কৰি দৌৰাই দৌৰাই ধৰি গাঁওবুঢ়াৰ ঘৰলৈ নিয়ে যদিও একাংশ লোকে গুৰুলা গুৰুলকৈ পিতে চোৰটো৷ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ গৰু চোৰটোক উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা চলাই যদিও আৰক্ষী- ৰাইজৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হয় ।আনকি আৰক্ষীক শিলগুটি, ইটা দলিয়াই । আৰক্ষীয়ে হাতযোৰ কৰি ৰাইজক আইন হাতত তুলি নলবলৈ আৰক্ষীয়ে অনুৰোধ কৰে যদিও আৰক্ষী অনুৰোধ নামানি আইন হাতত লয় ৷ ৰাইজে আৰক্ষী দলটোক আৱদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত মৰিগাঁও উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ উপষ্ঠিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আৰু চোৰটো মৰিগাঁও সদৰ আৰক্ষী থানালৈ লৈ আহে৷ আনহাতে গাঁওখন বহুদিনৰ পৰা গৰু চোৰৰ তাণ্ডৱ চলাই গাভিনী গৰু সহ ২৬ টা গৰু চুৰি কৰাত গোপাল সকল ক্ষুব্ধ হৈ আছিল ।ফলত মহিলাই দিব লগা হৈছিল পহৰা ৷ যাৰ বাবে ৰাইজ ক্ষোভিত হোৱাৰ বাবে এই ঘটনা হয় বুলি মন্তব্য কৰে ।bytes:publicsConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.