ETV Bharat / state

Mid day meal scam: মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

ধিঙৰ পলাচতলী মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ ভোকৰ ভাতমুঠি কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে (llegations of corruption against head teacher) ।

author img

By

Published : Jun 24, 2022, 10:07 PM IST

Head Teacher accused of embezzlement of mid day meal at Dhing
মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

ধিং, 24 জুন: ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন সাধন কৰিবলৈ চৰকাৰে হাতত লৈছে বিভিন্ন কাৰ্যপন্থা । কিন্তু ইয়াৰ মাজতে একাংশ শিক্ষক-শিক্ষয়িত্ৰী নামি পৰিছে নিজৰ পকেট গৰম কৰাৰ চেষ্টাত । ধিঙৰ পলাচতলী মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কণ কণ ছাত্ৰ ছাত্ৰীৰ ভোকৰ ভাতমুঠি কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে (llegations of corruption against head teacher) ।

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত‌ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ মাজত দীৰ্ঘদিন ধৰি চলা সংঘাতৰ ফলত বিদ্যালয়ৰখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ উত্থাপিত হৈছে (Corruption charges against head teacher) । লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন নিয়মীয়াকৈ নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে (Head teacher accused of embezzlement of mid day meal) ৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ (Mid day meal scam) এনে কাৰ্যৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে মাত মাতি আহিছিল যদিও এই পৰ্যন্ত প্ৰধান শিক্ষক শ্বাহাব উদ্দিনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি কৰিলে অভিযোগ ৷ ইফালে প্ৰধান শিক্ষক গৰাকীৰ ভাতৃ জহিৰ উদ্দিনে বিদ্যালয়ৰখনৰ সভাপতি ছফিকুল ইছলামক নিজা ঘৰৰ পৰা মাতি নি দুয়ো ভাতৃদ্বয়ে মাৰপিট কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত সভাপতি গৰাকীয়ে ধিং থানাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰা আৰু মাৰপিটৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক: মৈৰাবাৰীৰ পৰা জব্দ ১২০ টা কফ্ চিৰাফ আৰু ২২০ টা নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.