ETV Bharat / state

মৰিগাঁৱত স্নাতক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

মৰিগাঁৱত জিলা শিক্ষা বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে স্নাতক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া । প্ৰথম দিনটোত ১০০ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় ।

author img

By

Published : Feb 9, 2021, 1:09 PM IST

মৰিগাঁৱত স্নাতক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ
মৰিগাঁৱত স্নাতক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

মৰিগাঁও, ৯ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো স্নাতক শিক্ষক পদৰ নিযুক্তি আৰু বিদ্যালয় বাচনি প্ৰক্ৰিয়া আৰম্ভ হৈছে । জিলা শিক্ষা বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । প্ৰথম দিনটোত ১০০ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰু বিদ্যালয় বাচনি প্ৰক্ৰিয়া সম্পন্ন হয় । শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি অনুসৰি শিক্ষকসকলক নিযুক্তি দিয়া হৈছে ।

মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ কমলজ্যোতি গগৈয়ে জনোৱা মতে, স্নাতক পদৰ শিক্ষকসকলক ক্ৰমান্বয়ে বিশেষভাৱে সক্ষম, আৰ্থিকভাৱে পিছপৰা, মেধাসম্পন্ন এই তিনিটা দিশৰ ওপৰত প্ৰাধান্য দি নিযুক্তি দিয়া হৈছে । স্নাতক শিক্ষক পদত নিযুক্তি আৰু বিদ্যালয়ৰ বাচনি কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, ভৱানী কলিতাও উপস্থিত থাকে । এই প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:পূব লাডাখৰ সীমান্তত চীনা সৈন্যৰ নতুন কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.