মৰিগাঁও,5 নৱেম্বৰঃ মঙলবাৰে মৰিগাঁও জিলাত ৰাজ্যিক পশুপালন তথা চিকিৎসা বিভাগৰ কাম-কাজৰ মূল্যায়নৰ বাবে উপস্থিত হয় ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী ৷ ৰাজ্যপাল গৰাকীয়ে জিলাখনৰ প্ৰগতিশীল ছাগলী পালক পিংকু ডেকাৰ ছাগলী ফাৰ্ম পৰিদৰ্শন কৰি ডেকা ভাতৃদ্বয়ৰ সৈতে মত-বিনিময়ত মিলিত হয় ৷ ভাতৃদ্বয়ৰ এই ব্যক্তিগত যুটীয়া প্ৰচেষ্টাক প্ৰশংসনীয় বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷ আনহাতে আগ্ৰহী ছাগলী পালকসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ শুখনাগোগৰ ছাগলী পালক ডেকা ভাতৃদ্বয়ৰ পৰা ল'বলৈ আহবান জনায় । ৰাজ্যপাল গৰাকীয়ে এক বিশেষ আহ্বান মৰ্মে জিলাখনৰ প্ৰতিটো পৰিয়ালক কমেও দুজনীকৈ ছাগলী পালন কৰিবলে আহ্বান জনায় ।
বিয়লি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি ৰাজ্যপাল মুখীয়ে কয়,"অসম এখন কৃষি প্ৰধান ৰাজ্য ৷ কিন্তু তাৰ পিচতো অসম অন্যান্য ৰাজ্যসমূহৰ তুলনাত পিছপৰি আছে ৷" তেওঁ শেহতীয়াকৈ ৰাজ্য চৰকাৰে পিছপৰা জিলাখনৰ কৃষকসকলৰ উন্নয়নৰ জৰিয়তে কৃষিখণ্ডত অগ্ৰাধিকাৰ প্ৰদান কৰা বুলি মন্তব্য কৰে ।
উল্লেখযোগ্য যে, মৰিগাঁৱ জিলাত বৰ্তমান কিমান ছাগলী আছে এই বিষয়ে ছমাহৰ ভিতৰত পিয়লৰ যোগেদি ৰাজ্যপাল গৰাকীক জনাবলৈ সভাৰ জৰিয়তে পশুপালক আৰু চিকিৎসা বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীয়ে ঔজাৰিস্হ এৰি উৎপাদন কেন্দ্ৰত উপস্থিত হৈ এৰি উৎপাদকসকলৰ কাম-কাজ সন্দৰ্ভত বুজ লয় । সমান্তৰালভাৱে মৰিগাঁও চহৰৰ মাজমজিয়াত কলা বিথীকা আৰু পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ছাগলী পালন আৰু মীনপালন প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ।
আৰু পঢ়ক চিৰাঙত মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম