ETV Bharat / state

Morigaon Saran Bil: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়তে দিয়া প্ৰতিশ্ৰুতি অসাৰ হ’ল; চাৰণ বিলত নহ’ল উন্নত ক্ৰীড়া প্ৰকল্প - Saran Bil in Morigaon

পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৰিগাঁৱৰ চাৰণ বিল ৷ 2007 চনত এই চাৰণ বিলতে অনুষ্ঠিত হৈছিল 33 তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নাওখেল ৷ কিন্তু তাৰ পাচৰ পৰাই আজি পৰ্যন্ত অৱহেলিত হৈ পৰি আছে ঐতিহাসিক চাৰণ বিলখন ৷

Morigaon Saran Bil
মৰিগাঁৱৰ চাৰণ বিল
author img

By

Published : Jul 30, 2023, 2:45 PM IST

চাৰণ বিলত নহ’ল উন্নত ক্ৰীড়া প্ৰকল্প

মৰিগাঁও, 30 জুলাই : নদীমাতৃক ৰাজ্য অসমত বিল, জলাহ আদিৰো অভাৱ নাই ৷ ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ অংশ আগুৰি আছে এই জলাশয়বোৰে ৷ অসমৰ বুকুত জিলিকি থকা এই জলাশয়বোৰ বহু আপুৰুগীয়া জলজ জীৱৰ বসতি স্থল ৷ ভিন্ন প্ৰজাতিৰ মাছ, কাছ, শিহু, জলজ পক্ষীৰ ৰম্যভূমি এইসমূহ জলাশয় ৷ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এইসমূহ জলাশয়ত আছে অন্যান্য কেতবোৰ কাৰ্য-কলাপৰো সুবিধা ৷ এনে এখন জলাশয় হৈছে মৰিগাঁৱৰ চাৰণ বিল ৷

2007 চনত এই চাৰণ বিলতে অনুষ্ঠিত হৈছিল 33 তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নাওখেল ৷ তেতিয়াই ৰাজনৈতিক নেতাসকলে আশ্বাস দিছিল পৰৱৰ্তী পৰ্যায়ত চাৰণ বিলত ক্ৰীড়া প্ৰকল্প স্থাপন কৰি অধিক উন্নীত কৰাৰ ৷ সময়ো বাগৰিল, চৰকাৰো সলনি হ’ল ৷ চাৰণ বিলক লৈ আগবঢ়োৱা প্ৰতিশ্ৰুতি অসাৰ হৈ ৰ’ল ৷ ক্ৰীড়া প্ৰকল্প স্থাপনেৰে খেলুৱৈক প্ৰশিক্ষণ প্ৰদানৰ প্ৰচুৰ সুবিধা থকা চাৰণ বিললৈ পিঠি দিলে চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে ৷

সুদীৰ্ঘ 17 বছৰে এই প্ৰকল্পলৈ নাহিল অলিম্পিক বা আন কোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা প্ৰতিদ্বন্দিতা আগবঢ়াব পৰা নাও ৷ 2007 চনত নাৱৰ প্ৰশিক্ষণ দিয়া অনন্ত বৰঠাকুৰে বৰ্তমান পুৱা-গধুলি একাংশ যুৱক-যুৱতীক দি আহিছে সাতোঁৰ, কেনয়িং, কায়াকিং আদিৰ প্ৰশিক্ষণ ৷ ৰাজ্য চৰকাৰৰ এই একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা প্ৰশিক্ষণ লৈয়েই বহুকেইগৰাকী খেলুৱৈ সক্ষম হৈছে নাম উজলাবলৈ ৷

অতি পৰিতাপৰ বিষয় যে, এই প্ৰশিক্ষণ কেন্দ্ৰত নাই প্ৰশিক্ষাৰ্থীৰ বাবে আবাস ৷ ফলত বিভিন্ন কষ্টৰ মাজেৰে প্ৰশিক্ষণ ল’ব লগীয়া হৈছে প্ৰশিক্ষাৰ্থীসকলে ৷ জলক্ৰীড়াৰ প্ৰচুৰ সম্ভাৱনা থকা চাৰণ বিলক উচিত ব্যৱহাৰ কৰিব নে চৰকাৰে, নে কেৱল তাহানিতে কৰা এটা ঘোষণালৈকে ডিঙি মেলি বাট চাব লাগিব খেলুৱৈ, প্ৰশিক্ষকৰ লগতে মৰিগাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক : Scam in Bilasipara irrigation department: জলসিঞ্চন বিভাগৰ টকাৰে উদৰ পূৰালে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.