ETV Bharat / state

লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ

তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও গছৰগুৰিত লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন (golden jublee of laxminath bezbarooah M E school)।

laxminath bezbarooah M.E school
লক্ষ্মীনাথ বেজবৰুৱাৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী
author img

By

Published : Mar 27, 2023, 9:26 PM IST

লক্ষ্মীনাথ বেজবৰুৱাৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী

মৰিগাঁও, ২৭ মাৰ্চ : সোমবাৰৰ পৰা মৰিগাঁও গছৰগুৰিস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপন কৰা হৈছে (Golden Jublee of Lakshmi Nath Bezbarua high school) । ইয়াৰ লগত সংগতি ৰাখি মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে বিদ্যালয়ৰ মূল তোৰণ উন্মোচন কৰে (Morigaon MLA Ramakanta Deori) । বিধায়ক ৰমাকান্ত দেউৰীয়ে তোৰণ উন্মোচন কৰি দিয়া ভাষণত পাঁচটা দশক গৰকা বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালত যিসকল পুৰুধা ব্যক্তিৰ ঐকান্তিক চেষ্টা আৰু ত্যাগৰ বিনিময়ত বিদ্যালয়খন গঢ় লৈ উঠিল সেইসকল ব্যক্তিৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

laxminath bezbarooah M.E school
লক্ষ্মীনাথ বেজবৰুৱাৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী

বিধায়ক গৰাকীয়ে লগতে কয় যে ১৯৭০ চনৰ পৰা বিদ্যালয়খনত আধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল আজি সুপ্ৰতিষ্ঠি । তেওঁলোকেও এই অনুষ্ঠান পালন কৰাত বৰঙণি আগবঢ়োৱাতো সমাজৰ বাবে গুৰুত্বপূৰ্ণ খবৰ । ইয়াৰ পিছতে সোণালী জয়ন্তী উপলক্ষে পঞ্চাশ খনকৈ পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে ৷

লগতে পঢ়ক : Gamocha Controversy in Assam; বীৰ্যহীন কাপুৰুষৰ দৰে কোনেও মন্তব্য নকৰিব: বীৰ লাচিত সেনা অসম

মন কৰিবলগীয়া যে বিদ্যালয়খনৰ নামৰ সৈতে ৰজিতা খোৱাকৈ বিদ্যালয়খনৰ প্ৰাংগণত সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আবক্ষ মূৰ্তি উদ্ধোধন কৰা হয় । দুপৰীয়া ভাগত বিশিষ্ট কেইবাগৰাকী ব্যক্তিৰ অংশগ্ৰহণৰে অনুষ্ঠিত হয় মুকলি সভা । স্থানীয় মহিলা শিল্পীসকলৰ সমবেত সংগীত পৰিবেশনৰে মুকলি সভা অনুষ্ঠিত হয় ।

ইয়াৰ সমান্তৰালকৈ দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত আৰু নিশাভাগত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীৰ লগতে আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাইৰে সোণালী জয়ন্তী উৎসৱ পালন কৰা হ’ব বুলি সদৰী কৰিছে গছৰগুৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক, শিক্ষক, প্ৰাক্তন ছাত্ৰই(Lakshmi Nath Bezbarua high school) ।

লগতে পঢ়ক : Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.