মৰিগাঁও, 9 মাৰ্চ : মৰিগাঁও জিলাৰ চাটনগুৰিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Fraud tantrik in Morigaon) ৷ বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসৰ কু-প্ৰভাৱ দূৰ হোৱা নাই আমাৰ সমাজৰ পৰা ৷ এইবাৰ মৰিগাঁও জিলাৰ চাটনগুৰিত তান্ত্ৰিকৰ তন্ত্ৰমন্ত্ৰত এগৰাকী কিশোৰীয়ে মৃত্যুক সাৱটি লোৱাৰ ঘটনা পোহৰলৈ আহিছে (Fraud tantrik allegedly killed a minor)।
ঘটনাৰ বিৱৰণী অনুসৰি বিগত কেইবাদিনো ধৰি মানিপুৰ গাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰী বসন্ত আৰু জ্বৰত আক্ৰান্ত হৈ আছিল ৷ ফলত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীক এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে প্ৰায় ২ লাখ টকা খৰচ কৰাৰ পিচতো স্বাস্থ্যৰ কোনো উন্নতি দেখা নাছিল ৷
উপায়হীন হৈ কিশোৰীগৰাকীক লৈ পৰিয়ালৰ লোক চাটনগুৰিৰ কাঁহিকুছি শিৱ মন্দিৰলৈ লৈ যায় ৷ শিৱ মন্দিৰত স্বয়ম্ভু ভগৱতী মা বুলি চিনাকি দি ঊষা দাসে কিশোৰীগৰাকীৰ ৰোগ চিকিৎসালয়ত ভাল নহ’ব বুলি কৈ পৰিয়ালটোক পূজা পাতল কৰিবলৈ পৰামৰ্শ দিয়ে ৷ লগতে কয় যে, পূজা পাতলতহে কিশোৰীগৰাকী আৰোগ্য হৈ উঠিব ৷
এই কথা শুনিয়েই পৰিয়ালৰ লোকে শিৱ মন্দিৰৰ পূজাৰী বুল দাসৰ তাত বেজালি কৰিবলৈ অসুস্থ কিশোৰীগৰাকীক লৈ আনে ৷ পুজাৰী বুল দাসে তিনি দিন মন্দিৰতে ৰাখি অসুস্থ কিশোৰীগৰাকীক জৰা-ফুঁকা কৰাৰ পিচত বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত মৃত্যুক আকোঁৱালি লয় যুৱতীগৰাকীয়ে (Teenage girl dies of tantra mantra) ৷ কিশোৰীগৰাকীৰ মৃত্যুৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷
স্থানীয় লোকে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ মৰিগাঁও সদৰ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পূজাৰী বুল দাসকো আটক কৰে ৷ ভণ্ড পূজাৰীটোৱে সংবাদমাধ্যমক কয়, "মইটো ভগৱান নহয় ভাল কৰি দিবলৈ ৷ ৰাখা গৰাকী আমি নহয় ভগৱানহে ৷ য’ত ডক্টৰেই ভাল কৰিব নোৱাৰো বুলি হাত ডাঙি দিছে, তাত মইনো কি ৷ ভগৱানৰ ওচৰলৈ লৈ আহিছে মই ফুল পানী খুৱাই দিছো ৷ মই কবিৰাজো নহয় বেজো নহয় ৷ মই মন্দিৰৰ পূজাৰীহে ৷ ইয়ালৈ আনোতেই ভগৱতীয়েই কৈছে তেওঁ নাবাচিব বুলি ৷"
উল্লেখ্য যে, চিকিৎসা বিজ্ঞানে অত্যাধুনিক মাত্ৰা পোৱাৰ সময়ত জৰা-ফুঁকা কৰি এগৰাকী জীৱনৰ হেতালি খেলি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ঘটনাক সহজে ল’ব পৰা নাই স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, পূজাৰী বুল দাসে মন্দিৰটোত বেজালি কৰে, মহিলা আনি ৰাখে, বহু অচিনাকি লোক আহি গাঞ্জাৰ আড্ডা কৰাৰ লগতে পৰিৱেশ অনিষ্ট কৰিছে ৷ ইয়াৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আছে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত মৰিগাঁও সদৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: Double murder case: সোণাৰিত তেজৰ ফাকু, একেদিনাই ২ টাকৈ হত্যাকাণ্ড