মৰিগাঁও, 5 মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ ঘটনা (Man Elephant Terror)৷ এইবাৰ মৰিগাঁও জিলাস্থিত ধৰমতুল সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বন্যহস্তীৰ আক্ৰমণত এজন বনকৰ্মীৰ লগতে এজন বনকৰ্মী আহত হৈছে (Wild elephant terror in Morigaon) ৷
বন্দুক চলাবলৈ নজনাৰ বাবে সংঘটিত হৈছে ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শনিবাৰে শেষনিশা মৰিগাঁৱৰ নেলীৰ দহালী মকৰীয়াত সোনাইকুচি বনাঞ্চলৰ পৰা অহা এটা বনৰীয়া হাতীৰ অদিপ কোঁৱৰ নামৰ এজন লোকক নিজা বাসগৃহতে গচকি হত্যা কৰিছিল (Wild Elephant killed one)৷ এই খবৰ লাভ কৰাৰ পিচতে দেওবাৰে হাতীটো খেদিবলৈ গৈছিল ধৰমতুল বন বিভাগৰ কাৰ্যালয়ৰ তিনিজন বনৰক্ষী।
কিন্তু বনৰক্ষীকেইজনে গুলী ফুটাবলৈ নজনাৰ ফলত হাতীটোৰ আক্রমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ বনৰক্ষী (Two forest worker injured) । ইয়াৰে এজন সামান্য আৰোগ্য হৈছে যদি গুৰুত্বভাৱে আহত হোৱা ঘনকান্ত দাস নামৰ বনৰক্ষীজনক গুৱাহাটীৰ GMCH লৈ নি থকা অৱস্থাতে মৃত্যুক সাৱতি লয় ৷ এই ঘটনাত দৈৱ্যক্ৰমে ৰক্ষা পৰে ফাৰুক আব্দুলা নামৰ আনজন বনকৰ্মী ।
মৃত বনকৰ্মী ঘনকান্ত দাসৰ ঘৰ ধৰমতুল শান্তিপুৰত । তেওঁ মৃত্যুৰ সময়ত দুগৰাকীকৈ কন্যাসহ পত্নীক ইহসংসাৰত এৰি থৈ যায় ৷ বনকৰ্মীজনৰ মৃত্যুৰ খবৰ লাভ কৰি পৰিয়াল তথা আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল উঠিছে । মৃত বনকৰ্মী ঘনকান্ত দাসৰ পৰিয়ালে এই মৃত্যুক সহজে মানি ল’ব পৰা নাই ৷ এই ঘটনাৰ উচিত তদন্ত হোৱাৰ লগতে দোষীয়ে শাস্তি পাব লাগে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ৷
উক্ত ঘটনাত আহত হোৱা বন কৰ্মীজন হৈছে গোপাল শইকীয়া ৷ উল্লেখ্য যে ফৰেষ্ট গাৰ্ডৰ হাতত বন্দুক থাকিও গুলী এটাও ফুটাব নোৱাৰাৰ বাবে এনে এক ভয়ংকৰ ঘটনা ঘটে স্থানীয় লোকে দাবী উত্থাপন কৰিছে ৷
উল্লেখ্য যে ৰাজ্যত শেহতীয়াকৈ বন্যহস্তীৰ আক্ৰমণত বহু লোকে মৃত্যুক সাৱটি ল‘বলগা হৈছে ৷ ৰাজ্য চৰকাৰে সাধাৰণ জনতাৰ সুৰক্ষাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি দম্ভালি কৰি থকাৰ মাজতে বন্য কৰ্মীয়ে গুলী ফুটাব নজনাৰ বাবে হোৱা ঘটনাই ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত কৰিছে ৷ এই ঘটনাই বন্য কৰ্মীৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷
লগতে পঢ়ক: Woman injured by tiger attack in Baksa: শালবাৰীত বাঘৰ আক্ৰমণত আহত মহিলা