মৰিগাঁও,8 জুলাই : 1950 চনৰ পৰাই ভাৰতে 1 জুলাইৰ পৰা 7 জুলাইলৈ বন মহোৎসৱ পালন কৰি আহিছে । সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে 72 সংখ্যক বন মহোৎসৱ ৷ এই বন মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা হৈছে গছপুলি ৰোপণৰ কাৰ্যসূচী । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিটো স্থানতে বন বিভাগে অনুষ্ঠিত কৰিছে সজাগতা সভা ৷ মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত আৰু বন বিভাগ, কৃষিবিভাগ, পথাৰ পৰিচালনা সমিতি ভূৰবন্ধা ব্লক সমিতি, প্রকৃতি প্রেমী সংগঠন জীৱন জেউতী কৃষক সংঘৰ সহযোগত 72 সংখ্যক বন মহোৎসৱ উদযাপন কৰা হয় ।
![forest-festival-celebrated-in-marigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-7jly-gosgaon-rtu-805-vis-img-btes-as10005_07072021144647_0707f_1625649407_85.jpg)
গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা বন বিষয়া দেবব্রত গগৈয়ে । "মৰিগাঁও-গছগাঁও" শীর্ষক বিশেষ সজাগতা অভিযান সভাখনৰ মুখ্য বক্তা হিচাবে ভাষণ আগবঢ়ায় মৰিগাঁও কলেজৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে । নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখা গোঁহাই, ইণ্টাৰ এজেঞ্চী গ্ৰুপ তথা অক্সফার্ম মৰিগাঁৱৰ সদস্য ইফটিকাৰ হুচেইন, মৰিগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কৰ্মচাৰী জ্যোতিষ বর্মন, সভাখন পৰিচালনা কৰে মহাবিদ্যালয়খনৰ অর্থনীতি বিজ্ঞানৰ মুৰব্বী পৰাগজ্যোতি মহন্তই ৷ অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনায় ক্ৰমে হেমন্ত নাথ, প্রফুল্ল কুমাৰ বৰা, ডঃ অচ্যুত দাস, অজিত কোঁৱৰ, মন্তু ডেকা, লাচিত ডেকাই ৷
গছপুলি ৰোপণ, বন সংৰক্ষণ আদিৰ জৰিয়তে পৰিৱেশ সুৰক্ষিত কৰি আমাৰ জৈৱ বৈচিত্ৰতা আৰু মানৱ সমাজক সুৰক্ষা প্ৰদান কৰাৰ মূল উদ্দেশ্য আগত ৰাখি এই সপ্তাহযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
![forest-festival-celebrated-in-marigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-7jly-gosgaon-rtu-805-vis-img-btes-as10005_07072021144647_0707f_1625649407_869.jpg)
উল্লেখ্য যে, কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকাই মৰিগাঁৱক গছগাঁও হিচাপে নিৰ্মাণ কৰিবলৈ দেখা সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাইজক আহ্বান জনায় । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও নগৰত পাঁচ শতাধিক ফল-মূলৰ পুলি ৰোপণ আৰু বিতৰণ কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে ৰূপায়ণ কৰা হয় গছপুলি ৰোপণৰ কাৰ্যসূচী ৷
লগতে পঢ়ক: ১৮ টাকৈ বন্যহস্তীৰ মৃত্যু হোৱা স্থানত প্ৰশাসনৰ গছ পুলি ৰোপণ