ETV Bharat / state

ৰেচন কাৰ্ড আছে,চাউল আহে,কিন্তু নাপায় হিতাধিকাৰীয়ে - ৰেচন কাৰ্ড

নগাবান্ধা সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ ৷ হিতাধিতকাৰীৰ নামত অহা চাউল আত্মসাৎ সুলভ মূল্যৰ বিক্ৰেতাৰ ৷

cooperative society
cooperative society
author img

By

Published : Jun 13, 2020, 8:00 PM IST

ধিং, 13 জুন : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা শাসনাধিষ্ঠিত বি জে পি চৰকাৰৰ দিনত চলিছে অবাধ দুৰ্নীতি । মৰিগাঁও যোগান বিভাগৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত অভিযোগ উঠিছে । দৰিদ্ৰ হিতাধিকাৰীৰ ভাগৰ চাউল আত্মসাতৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে লাহৰীঘাটৰ নগাবান্ধা সমবায় সমিতিৰ বিৰুদ্ধে ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে প্ৰদান কৰা ৰেচন কাৰ্ডৰ চাউল হিতাধিকাৰীক নিদি বিগত পাঁচ বছৰ ধৰি আত্মসাৎ কৰি আহিছে এজেন্টে ।

নগাবান্ধা সমবায় সমিতিত দুৰ্নীতিৰ অভিযোগ

নগাবান্ধা সমবায় সমিতিৰ অন্তৰ্গত নগাবান্ধা গাঁৱৰে সূলভ মূল্যৰ বিক্ৰেতা আবুল কাছেমৰ বিৰুদ্ধে এনে অবাধ দুৰ্নীতিৰ অভিযোগ উঠিছে । এটা দুটা পৰিয়ালৰ নহয় আমাৰ হাতত পৰা তথ্য অনুসৰি পাঁচটাকৈ পৰিয়ালৰ অনলাইন নাম থকাৰ পিচতো সেই ৰেচন কাৰ্ডৰ চাউল দীৰ্ঘদিন ধৰি আত্মসাৎ কৰি আহিছে দুৰ্নীতিগ্ৰস্ত সূলভ মূল্যৰ দোকানী আবুল কাছেমে।

বঞ্চিত দৰিদ্ৰ পৰিয়াল কেইটাই বহুবাৰ নগাবান্ধা সমবায় সমিতিৰ লগতে মৰিগাঁও জিলা যোগান বিভাগত আবেদন নিবেদন কৰিও কোনো বিচাৰ নোপোৱাত অৱশেষত স্থানীয় বৰছলা আৰক্ষী চকীত দুৰ্নীতিগ্ৰস্ত এজেন্ট আবুল কাছেমৰ বিৰুদ্ধে দুবাৰকৈ এজাহাৰ দাখিল কৰে যদিও কোনো ন্যায় লাভ কৰা নাই হিতাধিকাৰীসকলে । এতিয়া প্ৰশ্ন হয়,দুখীয়া ৰাইজৰ বাবে যোগান ধৰা চাউল এজেন্টজনে কাৰ ছত্ৰ-ছাঁয়াত দীৰ্ঘদিন ধৰি আত্মসা‍ৎ কৰি আহিছে । যাৰ বাবে আৰক্ষীৰ তথা যোগান বিভাগেও এই এজেন্টজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক : শ্বহীদক অপমান বিজেপি চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.