মৰিগাঁও, 13 জুন : মৰিগাঁও জিলাৰ বান প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভা । বান সাহায্য প্ৰদানৰ বাবে ১২৫ টা সাহায্য শিবিৰ চিনাক্ত । মৰিগাঁও জিলাত বান প্ৰস্তুতি আৰু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হৈ যায় ।
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ বিভাগৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভা খনত আগন্তুক বান পৰিস্থিতিৰ সময়ত জনসাধাৰণৰ জীৱন আৰু সম্পত্তি কেনেদৰে নিৰাপত্তা প্ৰদান কৰিব পৰা যাব তাৰ ওপৰত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰঞ্জু শৰ্মাই আঁত ধৰা সভাখনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া কিশোৰ দত্ত আৰু প্ৰকল্প বিষয়া নিতুমনি বৰাই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই ।
জিলা খনৰ ৰাজহ চক্ৰ বিষয়া সকলৰ লগতে বিভাগীয় মুৰব্বী বিষয়া সকলে অংশ গ্ৰহণ কৰা সভাখনত ক’ভিডৰ প্ৰটকল ৰক্ষা কৰি আগতীয়াকৈ বান সাহায্য শিবিৰ নিৰ্মাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় । এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া সকলক মনোনিবেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াই । পৰ্যালোচনা সভাৰ অন্তত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভাগৰ দ্বাৰা চিনাক্ত কৰি থোৱা জিলাখনৰ ১২৫ টা বান সাহায্য শিবিৰৰে মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত দীঘলীআটী আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত আমবাগানৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভাগৰ বিষয়া কিশোৰ দত্ত আৰু নিতুমনি বৰাই ।