মৰিগাঁও,25 অক্টোবৰ : মৰিগাঁৱত আজিও আশ্ৰয় শিবিৰ এৰিব পৰা নাই বহু বানাক্ৰান্তই । পথৰ ওপৰতে দিন কটাইছে তেওঁলোকে । বিগত চাৰিদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ চোতালত পানী সোমাইছে গাঁওবাসীৰ ।
মৰিগাঁও ৰাজহচক্ৰৰ মৈধালি কলংপাৰৰ কাষৰীয়া অঞ্চলত প্ৰতিজাক মুষলধাৰ বৰষুণৰ পাচতে প্ৰতিঘৰ পৰিয়ালৰ ঘৰত পানী সোমাইছে । যাৰ ফলত পথৰ ওপৰতে কণ কণ ল'ৰা-ছোৱালীসহ জীৱন-নিৰ্বাহ কৰিব লগীয়া হৈছে গাঁওবাসীয়ে ।
লগতে পঢ়ক : বিলাসীপাৰাৰ সাপটগ্ৰাম শ্ৰীমদ লীলানন্দ আশ্ৰমত কুমাৰী পূজাৰ আয়োজন