মৰিগাঁও,29 আগষ্ট : ক্ষমা খুজিও যেন ৰক্ষা পোৱা নাই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ৷ সোমবাৰে অসম জাতীয় পৰিষদৰ সন্দৰ্ভত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰিছে মৰিগাঁৱত ৷ অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা নেতৃত্বই মঙলবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে শিল্পী গৰাকীৰ বিৰুদ্ধে ৷ হাৰ্ট থ্ৰব জুবিন গাৰ্গে অজাপৰ সন্দৰ্ভত সোমবাৰে কৰা মন্তব্যক গৰিহণা প্ৰদান কৰে অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ৷
শিল্পীগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয়, ‘‘ জুবিন গাৰ্গৰ শিল্পী এজনে কোনোবা ৰাজনৈতিক দলৰ বহতীয়া হৈ এনে মন্তব্য কৰিব বুলি আমি কোনো দিনে ভবা নাছিলো ৷ এইয়া জুবিনৰ অধঃপতনৰ দিশ ৷ যি সময়ত বিজেপিৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক মৃত্যুত বিজেপিৰ নেতাৰ নাম সাঙোৰ খাইছে আৰু বহুজনৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱনা আছে সেই সময়তে জুবিন গাৰ্গৰ এই মন্তব্যৰ জৰিয়তে সমগ্ৰ বিষয়টো তল পেলাবলৈ উদ্দেশ্যে প্ৰণোদিতভাৱে এই মন্তব্য কৰিছে জুবিনে ৷’’
তেওঁ লগতে কয় যে আমি সংবাদ মাধ্যমৰ জৰিয়তে সকিয়াই দিছো যে ভৱিষ্যতে যাতে কোনো নিদিষ্ট ৰাজনৈতিক দলৰ সন্দৰ্ভত জুবিন গাৰ্গে এনে মন্তব্য নকৰে যেন ৷ জুবিন গাৰ্গে যাতে কোনো ৰাজনৈতিক দলৰ বহতীয়া হৈ কাম নকৰে তাৰবাবে সকীয়নি জিলা সমিতিখনৰ বিষয়ববীয়াই ৷
উল্লেখ্য যে সোমাবাৰে কটন কলেজৰ এক অনুষ্ঠাত অজাপৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল শিল্পী জুবিন গাৰ্গে ৷