ETV Bharat / state

AAKRASU Felicitation Programme: ’’আছু মোৰ মাতৃ সংগঠন’’ ; প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় - Felicitation Ceremony at Morigaon

সদৌ মৰি‌গাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান ৷ অনুষ্ঠান উপস্থিত আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় ৷ প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছু কৰ্মীৰ মাজত বাকযুদ্ধক লৈ মন্তব্য ৷ ‘‘অসাধু কোন, সাধু কোন এয়া ৰাইজে ঠিক কৰিব ৷’’

Felicitation Ceremony at Morigaon
Felicitation Ceremony at Morigaon
author img

By

Published : Jun 17, 2023, 9:41 PM IST

Felicitation Ceremony at Morigaon

মৰিগাঁও,17 জুন: প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছু কৰ্মীৰ মাজত বাকযুদ্ধই লৈছে তীব্ৰ ৰূপ ৷ সামাজিক মাধ্যমত চলি আছে বাকযুদ্ধ ৷ এইবাৰ সামাজিক মাধ্যম এৰি সংবাদ মাধ্যম পালেহি বিষয়টো ৷ প্ৰাক্তন আছু আৰু বৰ্তমানৰ আছু বাকযুদ্ধৰ সন্দৰ্ভত মুখ খুলিলে আছু’ৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷ ‘‘অসাধু কোন, সাধু কোন এয়া ৰাইজে ঠিক কৰিব ৷ মাতৃ সংগঠন গতিকে মুখ খুলিব বিচৰা নাই ৷ আছু মোৰ মাতৃ সংগঠন ৷ বেছি নকওঁ ৷ তেওঁলোকে বহু কিবা কিবি কৈ আছে ৷ মই আহ্বান জনালোঁ -আছু’ৰ পেজত বা ফেচবুক একাউন্টৰ তলৰ কমেণ্টবোৰ আছুৰ কৰ্মীয়ে চাওঁক ৷ সেইবোৰ ঠিক কৰক ৷ কোন সাধু ,কোন অসাধু গম পাওঁক । আমি সেইবোৰ চালে লাজ পাওঁ ৷ গণতান্ত্ৰিক দেশত সংগঠন জন্ম দিয়াৰ অধিকাৰ সকলোৰে আছে ৷ আমি প্ৰাক্তন আছুসকল লগ হৈ অৰ্থনৈতিক আন্দোলন কৰিব বিচাৰিছো ৷ ৰাজনৈতিক আন্দোলন কৰিব বিচৰা নাই ৷’’

শনিবাৰে মৰিগাঁৱত এই মন্তব্য আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ ৷ সদৌ মৰি‌গাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে সদৌ মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ধন্তি ডেকাই । অনুষ্ঠানত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনাই ।

অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, সহ আয়ুক্ত,অসম ৰাজ্যিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মনোনীত সদস্য অজিত ডেকাকে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ উল্লেখ্য এই সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত জিলাখনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱকে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক:Opened fire on the Arunachal border: লখিমপুৰৰ অৰুণাচল সীমান্তত অৰুণাচলীয়ে চলালে গুলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.