ETV Bharat / state

ধাননি পথাৰত পাত চেলেকা ৰোগে ক্ৰমাৎ জটিল কৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা

author img

By

Published : Sep 14, 2020, 9:04 PM IST

মৰিগাঁৱৰ বানত সৰ্বশ্ৰান্ত হোৱা কৃষক শেহতীয়াকৈ পোকৰ আক্ৰমণৰ কবলত পৰিছে ৷ বিঘাই বিঘাই ধাননি পথাৰত পোকে আক্ৰমণ কৰাত কৃষকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ৷ জিলা কৃষি বিষয়া উপস্থিত হৈ সমস্যা সমাধানৰ আশ্বাস ৰাইজক ৷

farmers in morigaon face pest attack in their paddy fields
ধাননি পথাৰত পাত চেলেকা ৰোগে ক্ৰমাৎ জটিল কৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা

মৰিগাঁও, 14 ছেপ্তেম্বৰ : চাৰিটাকৈ প্ৰলয়ংকাৰী বানে মৰিগাঁৱৰ কৃষকক সৰ্বশ্ৰান্ত কৰাৰ পিচত শেহতীয়াকৈ পাত চেলেকা ৰোগৰ আক্ৰমণত নিদ্ৰা হৰিছে জিলাখনৰ কৃষকৰ ৷ বিঘাই বিঘাই কৃষিভুমিত পাত চেলেকা বেমাৰে চানি ধৰাৰ বাবে কৃষকৰ অৱস্থা যথেষ্টা শোচনীয় হৈ পৰিছে ৷

এফালৰ পৰা ধাননি পথাৰ ছানি ধৰিছে পাত চেলেকা আৰু মজাখোৱা পোকে । ইখনৰ পিচত সিখন ধাননি পথাৰ আক্ৰমণ কৰি গৈছে পোকে ৷ একেদৰে মৰিগাঁৱৰ বঘৰা চাৰণবিলৰ ধাননি পথাৰতো এই পোকে আক্ৰমণ কৰাত বৰ্তমান কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে ৷

ইফালে,কৃষকৰ সমস্যাৰ বুজ লবলৈ ধাননি পথাৰত উপস্থিত হৈছে জিলা কৃষি বিষয়া ৷ কৃষি বিষয়াই উপস্থিত হৈয়ে পৰ্যবেক্ষণ কৰিছে পোকে ধৰা ধাননি সমূহ ৷ আনহাতে,কৃষি বিষয়া উপস্থিত হৈ কৃষকৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়ক : প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.