ETV Bharat / state

মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ - ইন্ধনবিহীন যন্ত্ৰ

মৰিগাঁৱৰ এগৰাকী যুৱ কৃষকে উদ্ভাৱন কৰিছে কৃষিৰ উপযোগী এক যন্ত্ৰ ৷ চাৰিটা নট-বল্টুৰে নিৰ্মিত এই যন্ত্ৰটো এখন হাতেৰে কঢ়িয়াই লৈ ফুৰিব পাৰি ৷ ইন্ধনবিহীন যন্ত্ৰটোৰ সহায়ত পথাৰত ৰোপণ কৰিব পৰা যাব ভূঁই ।

Farmers in Marigaon have come up with fuelless ground plowing machines assam etv bharat news
ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ উদ্ভাৱন
author img

By

Published : Aug 13, 2020, 9:56 AM IST

মৰিগাঁও, 13 আগষ্ট: ৰাজ্যৰ কৃষি খণ্ডলৈ সুখবৰ কঢ়িয়াই আনিছে মৰিগাঁৱৰ এগৰাকী ব্য়ক্তিয়ে ৷ ব্য়ক্তিগৰাকীয়ে উদ্ভাৱন কৰিছে কৃষিৰ উপযোগী এক যন্ত্ৰ যিটো অনায়াসে ব্যৱহাৰ কৰিব পৰা যাব পথাৰত ৷ উদ্ধৱ দেউৰী নামৰ এগৰাকী কৃষকে উদ্ভাৱন কৰা এই যন্ত্ৰটোৰ আনুমানিক মূল্য নিৰ্ধাৰণ কৰা হৈছে তিনি বা চাৰি হাজাৰ । চাৰিটা নট-বল্টুৰে নিৰ্মিত এই যন্ত্ৰটো এখন হাতেৰে কঢ়িয়াই লৈ ফুৰিব পাৰি ৷ ইন্ধনবিহীন যন্ত্ৰটোৰ সহায়ত পথাৰত ৰোপণ কৰিব পৰা যাব ভূঁই ।

ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ উদ্ভাৱন

উল্লেখ্য যে,মৰিগাঁও জিলাৰ দীঘলবড়ী গাঁৱৰ এইগৰাকী কৃষকে পেলনীয়া লোৰ টুকুৰা, টিন, চাইকেলৰ ফেবুল, চেইন আদিৰে নিৰ্মাণ কৰি উলিয়াইছে কঠিয়া ৰোপন কৰিব পৰা এই বিশেষ যন্ত্ৰটো । যন্ত্ৰটোৰ সহায়ত কৃষকে এদিনত দুই-তিনি বিঘা মাটিত কঠিয়া ৰোপণ কৰিব পাৰিব । যন্ত্ৰটো উদ্ভাৱন কৰা দেউৰী এগৰাকী কৃষকৰ উপৰিও সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও পৰিচিত ৷ বিগত ডেৰ বছৰে এই যন্ত্ৰটো উদ্ভাৱনী প্ৰক্ৰিয়াত নামি পৰে কৃষক গৰাকী ৷ যন্ত্ৰটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি কৃষকগৰাকীয়ে নিজৰ পথাৰতে পৰীক্ষামূলকভাৱে ইয়াক ব্যৱহাৰ কৰে । কৃষক গৰাকীৰ আশা অতি কম খৰচত নিৰ্মাণ কৰিব পৰা এই যন্ত্ৰটোৰ জৰিয়তে ৰাজ্যৰ ক্ষুদ্ৰ তথা অভাৱগ্ৰস্ত কৃষকসকল যথেষ্ট উপকৃত হ’ব ।

লগতে চাওকঃ 'কা' বিৰোধী আন্দোলনত কঁপিল নাহৰকটীয়া আৰু চাচনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.