ETV Bharat / state

Exceptional marriage: বিবাহস্থলীতেই কইনাক লগত লৈ গ্ৰন্থ উন্মোচন কৰিলে দৰাই

আমি সাধাৰণতে বিবাহৰ দিনটো ব্যতিক্ৰম কৰিবলৈ বৃহৎ কেক কটা, ভিন্ন সাজ-পোছাক পৰিধান কৰা অথবা বিভিন্ন ধৰণৰ কায়দা প্ৰয়োগ কৰা দেখিছো ৷ বিবাহৰ দিনটোতেই বিয়াৰ ৰভাত শিক্ষক টুলুমনিয়ে উন্মোচন কৰিলে নিজে লিখা এখন কাব্যগ্ৰন্থ (Exceptional marriage in Morigaon )৷

author img

By

Published : Dec 11, 2022, 6:24 PM IST

Exceptional marriage in Morigaon
Exceptional marriage: বিবাহস্থলীতেই কইনাক লগত লৈ গ্ৰন্থ উন্মোচন কৰিলে দৰাই
বিবাহস্থলীতেই কইনাক লগত লৈ গ্ৰন্থ উন্মোচন কৰিলে দৰাই

মৰিগাঁও, 11 ডিচেম্বৰ: বিবাহ প্ৰত্যেকগৰাকী লোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি ধৰা হয় ৷ বিবাহৰ দিনটোত এজন লোকে অন্য এটা জীৱন লাভ কৰে ৷ এই বিশেষ দিনটোৰ বাবে বহু লোকে বহু সপোন দেখে ৷ আজি আমি ক’ব ওলোৱা কাহিনীটোও তেনে এক নৱবিবাহিত দম্পতীৰে (Exceptional marriage)৷ নিজৰ বিবাহৰ দিনটো আনতকৈ ব্যতিক্ৰমকৈ উদযাপন কৰাৰ ইচ্ছা আছিল টুলুমনিৰ ৷ সেই মতেই কাম ৷ বিবাহৰ দিনটোতেই বিয়াৰ ৰভাত শিক্ষক টুলুমনিয়ে উন্মোচন কৰিলে নিজে লিখা এখন কাব্যগ্ৰন্থ (Book inaugurated in marriage function) ৷

এই ব্যতিক্ৰমী বিবাহখন মৰিগাঁও জিলাৰ ছাটনগুৰিৰ আলিছিঙাত অনুষ্ঠিত হৈছে (Exceptional marriage in Morigaon) ৷ শনিবাৰে সন্ধ্যা বিবাহস্থলীত গ্ৰন্থ উন্মোচনৰে মৰিগাঁৱত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে টুলুমনি আৰু হিমাক্ষীয়ে ৷ টুলুমনি দাস পেছাত এগৰাকী শিক্ষক (Tulumoni Das exceptional marriage)৷ শিক্ষকতাৰ বাহিৰেও তেওঁৰ সাহিত্য চৰ্চাত আগ্ৰহী ৷

ইফালে কইনা হিমাক্ষী পেছাত এগৰাকী নাৰ্ছ ৷ সাহিত্যজগতখনৰ লগত তেওঁ একেবাৰেই জড়িত নহয় ৷ সেইবাবে নিজৰ বিবাহৰ দিনা এনে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ দেখি আপ্লুত হৈ পৰে হিমাক্ষী ৷ এইসকল গুণী-জ্ঞানী লোকৰ সান্নিধ্য লাভ কৰি সুখী হয় হিমাক্ষী ৷

এক অনন্য আৰু ব্যতিক্ৰমী চিন্তাধাৰাৰে বিবাহানুষ্ঠানত "প্ৰেৰণা" শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধৰণ সম্পাদক খগেন মহন্তই ৷

এই ব্যতিক্ৰমী অনুষ্ঠানটোৰ সন্দৰ্ভত দৰা টুলুমনি দাসে কয়,"সাহিত্যৰ পৰিৱেশটোৱে মোক আনন্দিত কৰে আৰু সাহস যোগায় ৷ আজিৰ এই দিনটোত এই গুণী জ্ঞানী ব্যক্তিসকলক আমাৰ মাজত আমন্ত্ৰন কৰিবলৈ পাই মই বহুত সুখী ৷ বিবাহৰ দৰে এটা পবিত্ৰ দিনত এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই ভৱিষ্যতে কাম কৰাৰ যি সপোন ৰচিছো সেইবোৰ কামৰ আৰম্ভনি বুলি ভাবো ৷

গতিকে এনে ধৰণে চিন্তা-চৰ্চাৰ বাবেই গ্ৰন্থখন আজিৰ তাৰিখত উন্মোচন কৰিবলৈ ঠিৰাং কৰিলো ৷ মই সদায়েই ভাবিছিলো মোৰ যিখন বিবাহ হ’ব সেইখন অন্যতকৈ পৃথক হ’ব লাগিব ৷ পৃথক হ’বলৈ হ’লে সৃষ্টিশীল মনটোক সদায় উজ্জীৱিত কৰি ৰাখিব লাগিব ৷ গতিকে কবিতাৰ জৰিয়তেই এই অনুষ্ঠানটোত মই ভবা ধৰণে এক নতুন ৰূপ দিব পাৰিম বুলি ভাবিছো ৷ "

লগতে পঢ়ক: Rahul Gandhi enjoys Bullock Cart: গৰুগাড়ীত উঠি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.