ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত

ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে মৰিগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে আন্তৰ্জাতিক খ্যাতিসম্পন্ন হোমিঅ’পেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথে । দেওবাৰে পৰিয়ালটোৰ ওচৰত উপস্থিত হৈ চিকিৎসকগৰাকীয়ে এই কথা ঘোষণা কৰে ৷

Etv bharat news Impact helping hand to a family from a doctor morigaon assam etv bharat news
দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত
author img

By

Published : Jul 12, 2020, 12:50 PM IST

মৰিগাঁও,12 জুলাই: মৰিগাঁৱৰ এটা পাঁচজনীয়া আৰ্থিক অনাটনত ককবকাই থকা পৰিয়ালৰ বিষয়ে কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ এই বাতৰি প্ৰচাৰৰ পিছতে পৰিয়ালটিলৈ সহায়ৰ হাত আগবঢ়াইছে এগৰাকী হোমিঅ’পেথিক চিকিৎসকে ৷ উল্লেখ্য যে, আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ পিতৃ আৰু তিনি সন্তানৰ চিকিৎসাৰ বাবে মজুত নাছিল পৰ্যাপ্ত ধন ৷ কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে এই খবৰ লাভ কৰি পৰিয়ালটোৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহে আন্তৰ্জাতিক খ্যাতি সম্পন্ন হোমিঅ’পেথিক চিকিৎসক ৰঞ্জিত কুমাৰ নাথ ।

দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত হোমিঅ’পেথিক চিকিৎসকৰ

মৰিগাঁৱৰ পাত্ৰবড়ীৰ তিনি সন্তানৰ পিতৃ-মাতৃ ক্ৰমে হৰিকান্ত শইকীয়া আৰু মীনু শইকীয়াৰ পৰিয়ালটোৱে পূৰ্বে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বস্বান্ত হৈছিল ৷ পখিলা খেদাৰ বয়সতে এক অচিন ৰোগত আক্ৰান্ত হৈ দম্পতীৰ দুই পুত্ৰই কটাবলগীয়া হৈছিল দুৰ্বিসহ জীৱন ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ মুৰব্বী গৰাকীয়ো আক্ৰান্ত হৈ আছে এক জটিল ৰোগত ৷ সেয়ে যথেষ্ঠ বিপদৰ সন্মুখীন হৈছিল পৰিয়ালটো ৷ কিন্তু চিকিৎসকগৰাকীৰ সহায়ৰ বাবে বৰ্তমান যথেষ্ঠ সকাহ অনুভৱ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে চাওকঃ কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.