মৰিগাঁও, 1 জুলাইঃ এখন মেজত আৰম্ভ কৰা এটা ক্ষুদ্ৰ উদ্যোগ । স্থানীয় ভাৱে উপলব্ধ বিভিন্ন ফলমূলৰে তৈয়াৰ কৰিছিল বিভিন্ন মুখৰোচক আচাৰ । ইলামণি বৰা আৰু অতুল বৰা নামৰ দম্পতীয়ে আচাৰৰ উদ্যোগৰ জৰিয়তেই নিজৰ চাৰিজনীয়া পৰিয়ালটোৰ লগতে গাঁৱৰ আন কেইবাগৰাকী মহিলাক দি আহিছে আত্মসংস্থাপন ।
উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে ইটিভি ভাৰত অসমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই স্থানীয় দহ নং লোকসভাৰ তদানীন্তন সাংসদ ৰাজেন গোহাঁই, জিলা উপায়ুক্ত, কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰ মৰিগাঁৱকে ধৰি বিভিন্ন জন বিষয়া কৰ্মচাৰী, ৰাজনৈতিক নেতাই আগবঢ়াইছিল ক্ষুদ্ৰ উদ্যোগী ইলামণি বৰাক সহায়-সহযোগিতা । লগতে সুবিধা কৰি দিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ ।
মনকৰিবলগীয়া যে, এক প্ৰদৰ্শনীত ৰাজ্যৰ ৰাজ্যপাল আৰু মেঘালয়ৰ ৰাজ্যপালে সোৱাদ লৈছিল মৰিগাঁৱৰ ত্ৰিনয়ন ফুড প্ৰডাক্টচনৰ আচাৰৰ । স্মৰ্তব্য যে, ইয়াৰ পাচতেই ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰি পাছলৈ গুৰি চাব লগা হোৱা নাই ক্ষুদ্ৰ উদ্যোগী ইলামণি বৰা আৰু অতুল বৰাই । সেয়ে এই ক্ষুদ্ৰ উদ্যোগী বৰা দম্পতীয়ে তেওঁলোকৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে শলাগ লয় ইটিভি ভাৰত অসমৰ ।
সম্প্ৰতি এই ক্ষুদ্ৰ উদ্যোগত স্থানীয় কেইবাগৰাকী মহিলাক কৰ্মসংস্থাপন দিয়াৰ লগতে পৰোক্ষ ভাৱে 14-15 গৰাকী লোকে এই ক্ষুদ্ৰ উদ্যোগৰ পৰা নিজৰ জীৱিকা পালন কৰিবলৈ সক্ষম হৈছে । 2014 চনত এখন কাঠৰ মেজত আৰম্ভ কৰা বৰা দম্পতীয়ে শেহতীয়াকৈ কেইবাটাও অত্যাধুনিক যন্ত্ৰপাতি ক্ৰয় কৰিবলৈ সক্ষম হৈছে । উদ্যোগটোৰ উন্নয়ন ইটিভি ভাৰত অসমৰ বাতৰিৰ আশীৰ্বাদ বুলি কয় ক্ষুদ্ৰ উদ্যোগী অতুল বৰাই ।
তাৎপৰ্যপূৰ্ণ এইয়ে যে এই আচাৰ উদ্যোগত যে, কেৱল বৰা দম্পতীয়েই শ্ৰমদান কৰি পৰিয়াল পোহপাল দিছে তেনে নহয় । উচ্চ শিক্ষিত জীয়ৰী তথা জাগীৰোডৰ ভিনায়ক কনিষ্ঠ মহাবিদ্যালয়ৰ বিষয় শিক্ষক ৰূপী জীয়ৰী নীলাক্ষীয়েও বিদ্যালয়ৰ লৈ যোৱাৰ পূৰ্বে বা বিদ্যালয়ৰ পৰা আহিও শ্ৰমদান কৰে পিতৃ মাতৃৰ সৈতে ।
লগতে পঢ়ক-কৰ'ণাতকৈ ভয়াৱহ বান !