মৰিগাঁও,28 জুনঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কাৰৰ সময়তে লাহৰীঘাটৰ লেংৰিবড়ী আৰু আমবাগত বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়মকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই খহনীয়াত 25 টাকৈ পৰিয়ালৰ মাটি ভেটি সম্পূৰ্ণৰূপে লুইতৰ বুকুত জাহ গৈছে ৷ সকলো গেৰুৱাই গৃহীহন এই সকল লোক ৷ বাৰিষাৰ লগে লগে ক্ৰমাত বৃদ্ধি পাইছে খহনীয়াৰ প্ৰকোপ ৷ যিকোনো মূহুৰ্তত নৈৰ বুুকুত জাহ যাব যোৱাৰ উপক্ৰম হৈছে অঞ্চলটোৰ জেংপৰি প্ৰাথমিক বিদ্যালয়, বোকনি মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে এটা অংগণবাড়ী কেন্দ্ৰ ৷ নেতা আহে যায়, প্ৰতিশ্ৰুতিতে ৰৈ যায় গৰাখহনীয়া ৰোধ কৰাৰ সকলো পৰিকল্পনা ৷ প্ৰত্যেক বছৰে এইদৰে অঞ্চলটোৰ বিস্তীৰ্ণ ভূমি জাহ গৈছে নৈৰ বুকুত ৷ গৃহহীন হৈছে শ শ পৰিয়াল, তথাপিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত প্ৰতিদিনে ঘৰবাৰী উটুৱাই নিয়াৰ আশংকাত দিন কটাইছে স্থানীয় ৰাইজে ৷
লাহৰীঘাটত ব্যাপক খহনীয়াঃ লুইতৰ বুকুত শ শ পৰিয়ালৰ ঘৰবাৰী - LAHORIGHAT
গৰা খহিছে লাহৰীঘাটত ৷ প্ৰতিমূহুৰ্ততে লুইতৰ বুকুত জাহ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ গৰাখহনীয়াত সৰ্বস্বান্ত ৰাইজে আতংকত দিন কটাইছে ৷ নিৰ্বিকাৰ চৰকাৰ