ETV Bharat / state

মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ সভা - অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা

মঙলবাৰে নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশনা সন্দৰ্ভত মৰিগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয়ক লৈ জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত এই সভা অনুষ্ঠিত হয় ৷

Election meeting at morigaon
মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ সভা
author img

By

Published : Feb 9, 2021, 10:23 PM IST

মৰিগাঁও,9ফেব্ৰুৱাৰী: মঙলবাৰে নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশনা সন্দৰ্ভত মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয়ক লৈ জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত এই সভা অনুষ্ঠিত হয় ৷ সভাত বিধানসভা নিৰ্বাচনৰ বাবে ক’ভিড-১৯ ৰ প্ৰতি দৃষ্টি ৰাখি নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা নতুন নিৰ্দেশনাৱলী মতে তিনিটা শ্ৰেণীৰ ‘Absentee Voter’ৰ বাবে প’ষ্টেল বেলট কাগজ যোগে কিদৰে ভোট দানৰ সুবিধা কৰিব লাগিব তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয় ৷

Election meeting at morigaon
মৰিগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ সভা

তদুপৰি ৮০ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক, বিশেষ ভাৱে সক্ষম লোক আৰু কৰ'ণাত আক্ৰান্ত অথবা কৰ'ণাত আক্ৰান্ত বুলি সন্দেহ থকা লোকক সংশ্লিষ্ট বিভাগৰ পৰা প্ৰমান পত্ৰ পোৱাৰ পিছত ঘৰৰ পৰাই প’ষ্টেল বেলট কাগজ যোগে ভোট দানৰ সুবিধাৰ বাবে নিৰ্বাচন বিভাগৰ দ্বাৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে । আনহাতে এই গুৰুত্বপূৰ্ণ সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়াৰ লগতে সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়কঃকিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.